إعدادات العرض
মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।
মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "মানুহৰ মাজত পোৱা দুটা বস্তু কুফৰ হিচাপে বিবেচিতঃ বংশীয় ক্ষেত্ৰত কটাক্ষ কৰা, আৰু মৃত ব্যক্তিকলৈ বিলাপ কৰা।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Português සිංහල Nederlands Tiếng Việt Kiswahili ગુજરાતી پښتو ไทย Română മലയാളം Deutsch Oromoo नेपाली ქართული Moore Magyar తెలుగు Кыргызча Svenska ಕನ್ನಡ አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মানুহৰ মাজত থকা দুটা স্বভাৱ সম্পৰ্কে উল্লেখ কৰিছে যে, সেই দুটা হৈছে কুফৰী আমল, তথা অজ্ঞতা যুগৰ চৰিত্ৰ। সেয়া হৈছেঃ প্ৰথমঃ মানুহৰ বংশ গোত্ৰক হেও প্ৰতিপন্ন কৰা আৰু কটাক্ষ কৰা, লগতে বংশকলৈ অহংকাৰ কৰা। দ্বিতীয়ঃ ভাগ্যৰ ওপৰত অসন্তুষ্ট হৈ বিপদ-আপদৰ সময়ত বিলাপ কৰা, অথবা তীব্ৰ শোকত কাপোৰ ফালি পেলোৱা।فوائد الحديث
মানুহৰ প্ৰতি অহংকাৰ নকৰিবলৈ আৰু বিনম্ৰতা অৱলম্বন কৰিবলৈ উৎসাহিত কৰা হৈছে।
অসন্তুষ্ট নোহোৱাকৈ বিপদ-আপদত ধৈৰ্য্য ধাৰণ কৰা ওৱাজিব।
এইবোৰ কৰ্ম হৈছে সৰু কুফৰৰ অন্তৰ্ভুক্ত। ইয়াৰ ফলত ব্যক্তি কাফিৰ হৈ মিল্লাতৰ পৰা বহিষ্কৃত নহয়, যেতিয়ালৈকে সি ডাঙৰ কুফৰ নকৰিব।
ইছলামে প্ৰত্যেক এনেকুৱা বিষয়ৰ পৰা নিষেধ কৰিছে, যাৰ ফলত মুছলিমসকলৰ মাজত বিভেদ সৃষ্টি হয়, যেনে- কাৰোবাৰ বংশক কটাক্ষ কৰা আদি।
التصنيفات
কুফৰ