إعدادات العرض
প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ…
প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।
আব্দুল্লাহ বিন মুগাফ্ফল ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ, প্ৰত্যেক দুটা আজানৰ মাজত আছে নামাজ।" ইয়াৰ পিছত তৃতীয়বাৰত তেখেতে কৈছিলঃ "যাৰ ইচ্ছা সি পঢ়িব পাৰে।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية Bahasa Indonesia Kiswahili اردو አማርኛ Tagalog Tiếng Việt ગુજરાતી Nederlands සිංහල Hausa پښتو ไทย नेपाली Кыргызча മലയാളം English Malagasy Svenska Română Kurdî Bosanski हिन्दी فارسی తెలుగు ქართულიالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই কথা জনাইছে যে, প্ৰত্যেক আজান আৰু ইকামতৰ মাজত নফল নামাজ আছে। এই কথা তেখেতে তিনিবাৰ কৈছিল। তৃতীয়বাৰত তেখেতে কৈছিল, যিয়ে পঢ়িব বিচাৰে তেওঁ পঢ়িব পাৰে, এইটো মুস্তাহাব।فوائد الحديث
আজান আৰু ইকামতৰ মাজত নামাজ পঢ়া মুস্তাহাব।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো এটা নীতি আছিল যে, তেখেতে গুৰুত্বপূৰ্ণ কথাক পুনৰাবৃত্তি কৰিছিল। যাতে শ্ৰোতাই শুনা পায় আৰু ইয়াৰ গুৰুত্ব বুজি পায়।
দুই আজানৰ দ্বাৰা আজান আৰু ইকামতক বুজোৱা হৈছে। আৰবী ভাষাত অধিক ব্যৱহাৰ হোৱা কোনো বিষয়ক এনেকৈয়ে বুজোৱা হয়। উদাহৰণস্বৰূপে সূৰ্য্য আৰু চন্দ্ৰক বুজাবলৈ কোৱা হয় কামাৰাইন। এইদৰে ওমৰাইন বুলি আবু বকৰ আৰু ওমৰক বুজোৱা হয়।
আজান হৈছে সময় হোৱাৰ জাননী। আনহাতে ইকামত হৈছে নামাজ আৰম্ভ হোৱাৰ জাননী।