إعدادات العرض
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক…
সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ সোণ-ৰূপৰ অধিকাৰী ব্যক্তি, যিয়ে (নিচাব হোৱাৰ পিছতো) ইয়াৰ হক (জাকাত) আদায় নকৰে, ক্বিয়ামতৰ দিনা তাৰ এই সম্পদক জাহান্নামৰ জুইত উত্তপ্ত কৰি অগ্নিৰ পাত বনোৱা হ'ব। লগতে সেইবোৰক জাহান্নামৰ জুইত অধিক উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰৰ দ্বাৰা তাৰ কাষত, কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়া সেইটো শীতল হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি বিহা হ'ব এনেকুৱা এটা দিৱসত যাৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি মানুহৰ মাজত ফয়চালা সম্পন্ন নোহোৱা পৰ্যন্ত চলি থাকিব। অৱশেষত ফয়চালা হোৱাৰ পিছত সিহঁতৰ মাজৰ কিছুমানে জান্নাতলৈ যাব আৰু কিছুমান যাব জাহান্নামত। প্ৰশ্ন কৰা হ'ল, হে আল্লাহৰ ৰাছুল! উটৰ গৰাকীৰ কি অৱস্থা হ'ব? তেখেতে ক'লেঃ "উটৰ গৰাকীকো শাস্তি বিহা হ'ব, যিয়ে ইয়াৰ হক (জাকাত) আদায় নকৰে। ইয়াৰ অন্যতম এটা হক হৈছে, উটবোৰক পানী পান কৰোৱাৰ দিনা গাখীৰ খিৰাই সেই গাখীৰ (দুখীয়া দৰিদ্ৰৰ মাজত) বিলাই দিয়া। যিয়ে এইবোৰ হক আদায় নকৰে, তাক কিয়ামতৰ দিনা এটা সমতল ভূমিত উবৰি খোৱাই শোৱাই দিয়া হ'ব, আৰু তাৰ উটবোৰক আগতকৈ বেছি মোটা তাজা তথা শকত হিচাপে অনা হ'ব, আনকি উটৰ এটা পোৱালীও বাকী নাথাকিব। সেই উটবোৰে তাক ভৰিৰে গচকিব আৰু মোহাৰিব, লগতে মুখেৰে কামুৰিব। এইদৰে শাৰীয়ে শাৰীয়ে বাৰে বাৰে তাক গচকি পাৰ হ'ব। এই শাস্তি যিদিনা বিহা হ'ব, সেই দিৱসটোৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰ। অৱশেষত বান্দাসকলৰ মাজত বিচাৰ কাৰ্য্য নিষ্পত্তি হোৱাৰ পিছত, কিছুমানে জান্নাতত যাব আৰু কিছুমানে জাহান্নামত যাব।" আকৌ সোধা হ'লঃ হে আল্লাহৰ ৰাছুল! গৰু আৰু ছাগলীৰ গৰাকীৰ কি অৱস্থা হ'ব? তেখেতে ক'লেঃ "গৰু আৰু ছাগলীৰ গৰাকী যিয়ে ইয়াৰ জাকাত আদায় নকৰে, তাকো শাস্তি বিহা হ'ব। কিয়ামতৰ দিনা তাক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব আৰু সেই গৰু ছাগলীয়ে তাক ভৰিৰে মোহাৰিব আৰু শিঙেৰে আঘাত কৰিব। সেইদিনা কোনো এটা গৰু ছাগলীৰে শিং বেকা নাথাকিব আৰু ভঙাও নাথাকিব আৰু এটাও অনুপস্থিত নাথাকিব। যেতিয়াই সৰ্বশেষ জন্তুটো পাৰ হ'ব তেতিয়াই পুনৰ প্ৰথম জন্তুটো শাৰীত আহিব, এনেকৈ তাক শাস্তি বিহা হ'ব, আৰু সেই দিৱসটোৰ পৰিমাণ হ'ব পঞ্চাছ হাজাৰ বছৰৰ সমান। এই শাস্তি চলিয়ে থাকিব যেতিয়ালৈকে বান্দাসকলৰ মাজত বিচাৰ কাৰ্য্য সম্পন্ন নহব'। অৱশেষত জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব।" সোধা হ'লঃ হে আল্লাহৰ ৰাছুল! ঘোঁৰাৰ মালিকৰ কি অৱস্থা হ'ব? তেখেতে ক'লেঃ "ঘোঁৰা হৈছে তিনি প্ৰকাৰৰ। ১- এনেকুৱা ঘোঁৰা যিটো মালিকৰ বাবে গুনাহৰ কাৰণ হ'ব। ২- এনেকুৱা ঘোঁৰা যিটো মালিকৰ বাবে পৰ্দা হ'ব। ৩- এনেকুৱা ঘোঁৰা যিটো মালিকৰ বাবে ছোৱাবৰ কাৰণ হ'ব। এতেকে গুনাহ তথা বোজা স্বৰূপ হৈছে সেই ঘোঁৰা, যিটোক তাৰ মালিকে অহংকাৰ কৰিবলৈ, মানুহক দেখুৱাবলৈ আৰু মুছলিমসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ লালন-পালন কৰে। আনহাতে যিয়ে আল্লাহৰ পথ যুদ্ধ কৰিবলৈ ঘোঁৰা পোহে, লগতে তাৰ পিঠিত আৰোহণ কৰাৰ ক্ষেত্ৰত আৰু তাক খাদ্য পানী দিয়াৰ ক্ষেত্ৰত আল্লাহৰ হক পাহৰি নাযায়, তেনেকুৱা ঘোঁৰা সেই ব্যক্তিৰ গুনাহ গোপন কৰাৰ ক্ষেত্ৰত পৰ্দাস্বৰূপ কাম কৰিব। পক্ষান্তৰে যি ব্যক্তিয়ে মুছলিমসকলক সহায় কৰিবলৈ ঘোঁৰা পোহে, আৰু এই ঘোঁৰা কোনো চাৰণ ভূমি বা বাগানত লালন-পালন কৰে অথবা ইয়াৰ খাদ্য পানীৰ বাবে যি যোগান ধৰে, সেই খাদ্য অনুযায়ী তাৰ বাবে ছোৱাব লিপিবদ্ধ কৰা হয়। আনকি ইয়াৰ গোবৰ আৰু প্ৰস্ৰাৱৰ বিপৰীতেও ছোৱাব প্ৰদান কৰা হয়। এইদৰে যদি সেই ঘোঁৰাৰ ৰছী ছিঙি এটা বা দুটা টিলা বগাই যায়, তেন্তে তাৰ পদচিহ্ন অনুযায়ী আৰু তাৰ গোবৰ অনুযায়ী ছোৱাব প্ৰদান কৰা হয়। এইদৰে মালিকে যদি সেই ঘোঁৰাটোক কোনো নদীৰ তীৰত লৈ যায় আৰু সেই ঘোঁৰাটোৱে যদি তাৰ পৰা পানী খায়, যদিও পানী তাক মালিকে খাবলৈ অনা নাছিল, তথাপিও সেই পানীৰ পৰিমাণ অনুযায়ী ঘোঁৰাৰ মালিকক ছোৱাব প্ৰদান কৰা হয়।"
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Indonesia Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt ئۇيغۇرچە Kurdî Português සිංහල Русский Nederlands Kiswahili ગુજરાતી پښتو Hausa Română മലയാളം Deutsch ქართული नेपाली Magyar Moore తెలుగు Svenska Кыргызча ಕನ್ನಡ አማርኛ Українська Kinyarwanda Македонски Oromoo ไทย Српски मराठी ਪੰਜਾਬੀ دری Malagasy Wolof ភាសាខ្មែរ Lietuvių தமிழ் Shqipالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত সম্পদৰ কেইটামান প্ৰকাৰ উল্লেখ কৰিছে, লগতে যিসকলে এইবোৰৰ জাকাত আদায় নকৰে, কিয়ামতৰ দিনা সিহঁতে কি প্ৰতিদান পাব সেয়া উল্লেখ কৰিছে। যেনে- প্ৰথমঃ সোণ-ৰূপ আৰু ইয়াৰ সমপৰ্যায়ৰ সম্পদ লগতে বাণিজ্যিক পণ্য। অৰ্থাৎ নিচাব পৰিমাণৰ সম্পদ যিটোৰ জাকাত আদায় কৰা নাই। কিয়ামতৰ দিনা সেইবোৰ সম্পদৰ দ্বাৰা লোৰ পাতৰ দৰে চেপেটা পাত বনাই সেইবোৰক জাহান্নামৰ জুইত উত্তপ্ত কৰা হ'ব, আৰু সেইবোৰেৰে সম্পদৰ গৰাকীক শাস্তি বিহা হ'ব। সেইবোৰৰ দ্বাৰা তাৰ পাৰ্শ্বদেশত কপালত আৰু পিঠিত দাগ দিয়া হ'ব। যেতিয়াই ঠাণ্ডা হ'ব তেতিয়াই পুনৰ উত্তপ্ত কৰা হ'ব। এই শাস্তি কিয়ামতৰ গোটেই দিৱসত হৈ থাকিব, যিটো দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। অৱশেষত আল্লাহে সৃষ্টিসকলৰ মাজত বিচাৰ কাৰ্য্য সম্পন্ন কৰিব আৰু জান্নাতীসকলে জান্নাতত আৰু জাহান্নামীসকলে জাহান্নামত প্ৰৱেশ কৰিব। দ্বিতীয়ঃ উটৰ গৰাকী যিয়ে সেইবোৰৰ ফৰজ জাকাত আদায় নকৰে। লগতে গাখীৰ খিৰোৱাৰ সময়ত উপস্থিত হোৱা ফকীৰ মিছনক গাখীৰ প্ৰদান নকৰে। কিয়ামতৰ দিনা এইবোৰ উটক মোটা তাজা তথা শকত অৱস্থাত আৰু সংখ্যা বৃদ্ধিকৈ উপস্থিত কৰা হ'ব আৰু উটৰ গৰাকীক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব। এই উটবোৰে তাৰ ওপৰেৰে গচকি পাৰ হ'ব আৰু তাক কামুৰিব। যেতিয়া শেষৰ উটটো পাৰ হ'ব, পুনৰ প্ৰথমৰ পৰা আৰম্ভ হ'ব। সম্পূৰ্ণ কিয়ামত দিৱসত এই শাস্তি চলিয়ে থাকিব, যেতিয়ালৈকে বান্দাসকলৰ মাজত আল্লাহে বিচাৰ কাৰ্য্য সম্পন্ন নকৰিব, কিয়ামত দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। ইয়াৰ পিছত জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত যাব। তৃতীয়ঃ গৰু ছাগলী -ভেৰা দুম্বা- আদিৰ গৰাকী, যিয়ে এইবোৰৰ ফৰজ জাকাত আদায় নকৰে। কিয়ামতৰ দিনা সেইবোৰক পৰিপূৰ্ণ সংখ্যাত অনা হ'ব, এটাও কম নাথাকিব। সেইদিনা এইবোৰৰ গৰাকীক এটা সমতল ভূমিত শোৱাই দিয়া হ'ব। লগতে সেই গৰু ছাগলীবোৰৰ কোনো এটাৰো শিং ভঙা নাথাকিব আৰু বেকাও নাথাকিব, লগতে শিং নথকা এটাও নাথাকিব। বৰং সেইবোৰ থাকিব পূৰ্ণাংগ বৈশিষ্ট্যত। সেইবোৰে নিজৰ মালিকক শিঙেৰে গতিয়াব আৰু ভৰিৰে মোহাৰিব। যেতিয়াই সেইবোৰৰ শেষৰটো পাৰ হ'ব তেতিয়াই প্ৰথমৰ পৰা আকৌ আৰম্ভ হ'ব। সম্পূৰ্ণ কিয়ামত দিৱসত এই শাস্তি চলিয়ে থাকিব, যেতিয়ালৈকে বান্দাসকলৰ মাজত আল্লাহে বিচাৰ কাৰ্য্য সম্পন্ন নকৰিব, কিয়ামত দিৱসৰ পৰিমাণ হৈছে পঞ্চাছ হাজাৰ বছৰৰ সমান। ইয়াৰ পিছত জান্নাতীসকলে জান্নাতত যাব আৰু জাহান্নামীসকলে জাহান্নামত যাব। চতুৰ্থঃ ঘোঁৰাৰ মালিক হৈছে তিনি প্ৰকাৰৰঃ প্ৰথমঃ যিয়ে মানুহক দেখুৱাবলৈ, অহংকাৰ কৰিবলৈ আৰু মুছলিমসকলৰ বিৰুদ্ধে ব্যৱহাৰ কৰিবলৈ ঘোঁৰা পোহে, এইবোৰ হ'ব তাৰ বাবে বোজা তথা গুনাহৰ কাৰণ। দ্বিতীয়ঃ যিয়ে আল্লাহৰ পথত যুদ্ধ কৰিবলৈ ঘোঁৰা পোহে, আৰু তাৰ সৈতে ভাল আচৰণ কৰে, লগতে তাৰ যাৱতীয় ভৰণ-পোষণ উত্তমৰূপে পালন কৰে, তাৰ বাবে এই ঘোঁৰা হ'ব পৰ্দাস্বৰূপ। তৃতীয়ঃ যি ব্যক্তিয়ে মুছলিমসকলক সহায় কৰিবলৈ তথা আল্লাহৰ পথত জিহাদ কৰিবলৈ ঘোঁৰা পোহে, তাৰ বাবে এইটো ছোৱাবৰ কাৰণ হ'ব। তাৰ এই ঘোঁৰা কোনো চাৰণ ভূমি বা বাগানত লালন-পালন কৰে অথবা ইয়াৰ খাদ্য পানীৰ বাবে যি যোগান ধৰে, সেই খাদ্য অনুযায়ী তাৰ বাবে ছোৱাব লিপিবদ্ধ কৰা হয়। আনকি ইয়াৰ গোবৰ আৰু প্ৰস্ৰাৱৰ বিপৰীতেও ছোৱাব প্ৰদান কৰা হয়। এইদৰে যদি সেই ঘোঁৰাৰ ৰছী ছিঙি এটা বা দুটা টিলা বগাই যায়, তেন্তে তাৰ পদচিহ্ন অনুযায়ী আৰু তাৰ গোবৰ অনুযায়ী ছোৱাব প্ৰদান কৰা হয়। এইদৰে মালিকে যদি সেই ঘোঁৰাটোক কোনো নদীৰ তীৰত লৈ যায় আৰু সেই ঘোঁৰাটোৱে যদি তাৰ পৰা পানী খায়, যদিও পানী তাক মালিকে খাবলৈ অনা নাছিল, তথাপিও সেই পানীৰ পৰিমাণ অনুযায়ী ঘোঁৰাৰ মালিকক ছোৱাব প্ৰদান কৰা হয়। ইয়াৰ পিছত নবী চাল্লাল্লাহু আলাইহি অছাল্লামক গাধ সম্পৰ্কে প্ৰশ্ন কৰা হ'ল যে, গাধৰ বিষয়টোও ঘোঁৰাৰ দৰেই নেকি? তেতিয়া তেখেতে ক'লেঃ এই বিষয়ে বিশেষ কোনো বিধান অৱতীৰ্ণ হোৱা নাই, কিন্তু সকলো প্ৰকাৰ নেক কৰ্ম আৰু পাপ কৰ্ম এই ব্যাপক অৰ্থবোধক আয়াতটোৰ অন্তৰ্ভুক্ত। য'ত মহান আল্লাহে কৈছেঃ "এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব, আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।" (ছুৰা ঝালঝালাহঃ ৭-৮) এতেকে যিয়ে ছোৱাবৰ আশাৰে গাধ পুহিব তথা তাৰ সৈতে ভাল আচৰণ কৰিব তেন্তে তেওঁ ছোৱাব লাভ কৰিব। আনহাতে যদি বেয়া নিয়্যতেৰে গাধ পোহে, তথা তাৰ দ্বাৰা যদি পাপকৰ্ম কৰে তেন্তে এইটো শাস্তিৰ কাৰণ হ'ব। গতিকে এই আয়াতটোত সকলো কৰ্মকে সামৰি লোৱা হৈছে।فوائد الحديث
জাকাত আদায় কৰা ওৱাজিব। জাকাত আদায় নকৰা ব্যক্তিক কঠোৰ সতৰ্কবাণী দিয়া হৈছে।
অৱহেলা কৰি জাকাত আদায় নকৰা ব্যক্তি, কাফিৰ হিচাপে গণ্য নহ'ব। কিন্তু বিষয়টোক কঠোৰভাৱে নিষেধ কৰা হৈছে।
মানুহে প্ৰত্যেক সেই ইবাদতৰ সৰু বৰ সকলো ক্ষেত্ৰতে ছোৱাব লাভ কৰে, যিটোৰ মূল উদ্দেশ্য হৈছে আনুগত্য, যদিও তেওঁ সৰু সুৰা বিষয়বোৰৰ ক্ষেত্ৰত সুকীয়াকৈ নিয়্যত কৰা নাই।
জাকাতৰ বাহিৰেও সম্পদত বেলেগ বেলেগ অধিকাৰ থাকে।
যেনে- উটৰ গাখীৰ খিৰোৱাৰ সময়ত যদি ফকিৰ মিছকিন উপস্থিত থাকে তেন্তে সিহঁতক কিছু পৰিমাণে দান কৰা। যাতে অভাৱীসকলে সহজে নিজৰ ঘৰলৈ উভতি যাব পাৰে। ইবনে বাত্তালে কৈছেঃ সম্পদত দুই প্ৰকাৰৰ হক থাকে, এটা হৈছে ফৰজে আঈন, আনটো ফৰজ নহয়। এতেকে গাখীৰ দান কৰাটো হৈছে উত্তম চৰিত্ৰৰ পৰিচয়।
উট গৰু ছাগলী আদিৰ আৰু এটা ওৱাজিব হক হৈছে এই যে, এইবোৰৰ মতাবোৰক বেলেগৰ বাবে উপলব্দ কৰা, যদি কোনোবাই ইয়াৰ প্ৰয়োজনবোধ কৰে।
গাধকে আদি কৰি প্ৰত্যেক জীৱ জন্তু যিটোৰ বিষয়ে বিশেষ কোনো বিধান উল্লেখ নাই, সেই সকলোবোৰ হৈছে এই আয়াতৰ অন্তৰ্ভুক্ত। "এতেকে যিয়ে অণু পৰিমাণ সৎকৰ্ম কৰিছে সেয়া সি দেখিবলৈ পাব, আৰু যিয়ে অণু পৰিমাণ অসৎকৰ্ম কৰিছে সেয়াও সি দেখিবলৈ পাব।"
আয়াতটোত সৰুতকৈ সৰু কল্যাণকৰ কামৰ প্ৰতি উৎসাহিত কৰা হৈছে। আনহাতে সৰুতকৈ সৰু গুনাহৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰা হৈছে।
