إعدادات العرض
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ…
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
হুজাইফা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেতিয়া ৰাতিত (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে মুখ চাফ কৰিছিল।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Hausa Português Kurdî Kiswahili සිංහල አማርኛ ગુજરાતી Tiếng Việt دری Nederlands नेपाली پښتو ไทย Svenska മലയാളം Кыргызча Oromoo Română తెలుగు Malagasy ಕನ್ನಡ Српскиالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বেছিভাগ সময়তে মিছৱাক কৰিছিল আৰু ইয়াৰ নিৰ্দেশ দিছিল। লগতে কিছুমান সময়ত নিশ্চিতভাৱে মিছৱাক কৰিছিল, যেনে- ৰাতিত যেতিয়া (তাহাজ্জুদৰ বাবে) উঠিছিল, তেতিয়া তেখেতে মিছৱাকেৰে ঘঁহি ঘঁহি দাঁত চাফা কৰিছিল।فوائد الحديث
ৰাতিৰ টোপনিৰ পিছত মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে। কাৰণ টোপনিৰ পিছত মুখৰ ঘ্ৰাণ পৰিৱৰ্তন হয় আৰু মিছৱাক হৈছে দাঁত পৰিষ্কাৰ কৰাৰ আহিলা।
উক্ত অৰ্থৰ দ্বাৰা এইটোও বুজা যায় যে, মুখৰ প্ৰতিটো দুৰ্গোন্ধৰ পৰা ৰক্ষা পোৱাৰ বাবে মিছৱাক কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে।
সাধাৰণতে পৰিষ্কাৰ পৰিচ্ছন্নতা হৈছে চৰীয়তৰ নিৰ্দেশ, লগতে এইটো হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নত। লগতে এইটো হৈছে সুউচ্চ শিষ্টাচাৰ।
মুখত মিছৱাক কৰাৰ অৰ্থ হৈছে, দাঁত, দাঁতৰ আলুকে আদি কৰি জিভা পৰিষ্কাৰ কৰাটোও ইয়াৰে অন্তৰ্ভুক্ত।
মিছৱাক কোৱা হয় ঠাৰিৰ নিচিনা এক প্ৰকাৰ শিপা, যিটো আৰাক গছৰ শিপা কাটি বনোৱা হয়। দাঁত আৰু মুখ চাফ কৰিবলৈ এইটো ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত মুখৰ দুৰ্গোন্ধ দূৰ হয় আৰু মুখ পৰিষ্কাৰ হয়।