إعدادات العرض
যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।
যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।
আবু আবছ আব্দুৰ ৰহমান বিন জাব্ৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিজন বান্দাৰ দুয়ো ভৰি আল্লাহৰ পথত ধূলিৰে মলিন হয়, তাক জাহান্নামৰ জুয়ে স্পৰ্শ নকৰিব।"
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी සිංහල ئۇيغۇرچە Kurdî Kiswahili Português Nederlands Tiếng Việt ગુજરાતી پښتو Hausa മലയാളം नेपाली Magyar ქართული తెలుగు Македонски Svenska Moore Română Українська ไทย मराठी ਪੰਜਾਬੀ دری አማርኛ Wolof ភាសាខ្មែរ ಕನ್ನಡ Yorùbá Српски Malagasy Kinyarwanda Shqipالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সুসংবাদ দিছে যে, আল্লাহৰ পথত যুদ্ধ কৰিবলৈ যোৱা ব্যক্তিৰ ভৰিত ধূলি বালি লাগিলে, সেই ব্যক্তিক জাহান্নামৰ জুয়ে নুচুব।فوائد الحديث
হাদীছটোত আল্লাহৰ পথত যুদ্ধ কৰা ব্যক্তিক সুসংবাদ দিয়া হৈছে যে, তেওঁ জাহান্নামৰ জুইৰ পৰা সুৰক্ষিত থাকিব।
হাদীছটোত বিশেষকৈ দুই ভৰিৰ কথা উল্লেখ কৰা হৈছে, যদিও ধূলি বালি শৰীৰৰ যিকোনো অংশত লাগিলেই হ'ল। ইয়াত নিৰ্দিষ্ট কৰাৰ কাৰণ হৈছে, সেই সময়ছোৱাত বেছিভাগ যোদ্ধা খোজকাঢ়ি গৈছিল, সেয়ে ভৰিৰ কথা কোৱা হৈছে, খোজকাঢ়ি গ'লে ভৰিত ধূলি বালি লাগিবই।
ইবনে হাজাৰে কৈছেঃ কেৱল ভৰিত ধূলি বালি লাগিলেই যদি জাহান্নাম হাৰাম হৈ পৰে, তেন্তে ভাবি চাওকচোন যিয়ে পূৰ্ণ প্ৰচেষ্টাৰ সৈতে মনে প্ৰাণে সংগ্ৰাম কৰে আৰু নিজৰ সকলো শক্তি সামৰ্থ ব্যয় কৰে তাৰ ছোৱাব কি হ'ব পাৰে।
التصنيفات
জিহাদৰ ফজীলত