إعدادات العرض
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
আঈশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত তেওঁ কৈছে, মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ নিশ্চয় মুমিন ব্যক্তিয়ে নিজৰ সদাচৰণৰ বাবে চওম পালনকাৰী আৰু চালাত আদায়কাৰী ব্যক্তিৰ দৰে মর্যাদা লাভ কৰে।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල Kurdî Hausa Português മലയാളം తెలుగు မြန်မာ ไทย Deutsch 日本語 پښتو Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە Kiswahili தமிழ் دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Soomaali Moore Українська Български Wolof Azərbaycan ქართული тоҷикӣ bmالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে স্পষ্ট কৰিছে যে, সৎচৰিত্ৰই মানুহক গোটেই দিন ৰোজা ৰখাৰ আৰু ওৰে ৰাতি নামাজ পঢ়াৰ মৰ্যাদালৈ উন্নীত কৰে। সৎচৰিত্ৰৰ দ্বাৰা বুজোৱা হৈছেঃ সৎকৰ্ম কৰা, উত্তম কথা কোৱা, হাঁহিমুখে মানুহৰ লগত সাক্ষাৎ কৰা, কাকো কষ্ট নিদিয়া, আনে দিয়া কষ্টত ধৈৰ্য্য ধাৰণ কৰা আদি।فوائد الحديث
ইছলামে পূৰ্ণাংগৰূপে সৎচৰিত্ৰ অৱলম্বনত অতিকৈ গুৰুত্ব প্ৰদান কৰিছে।
উত্তম চৰিত্রই ছোৱাব তথা প্ৰতিদান বৃদ্ধি কৰে, আনকি উত্তম চৰিত্ৰ অৱলম্বন কৰা ব্যক্তিয়ে চওম পালনকাৰীৰ মর্যাদালৈ উন্নীত হয়, যিয়ে ধৰাবাহিকভাৱে চওম পালন কৰে, লগতে সেই তাহাজ্জুদ আদায়কাৰীৰ মর্যাদালৈ উন্নীত হয় যিয়ে ক্লান্ত নহয়।
দিনটো ৰোজা ৰখা আৰু ৰাতিত তাহাজ্জুদ আদায় কৰা এই দুটা হৈছে অত্যন্ত কষ্টকৰ আমল, কিন্তু উত্তম চৰিত্ৰৱান ব্যক্তিয়ে উত্তম আচৰণ কৰিবলৈ নিজৰ মনৰ সৈতে সংগ্ৰাম কৰিব লাগে, সেয়ে তেওঁ এই মৰ্যাদালৈ উন্নীত হয়।
التصنيفات
প্ৰশংসনীয় চৰিত্ৰসমূহ