إعدادات العرض
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ…
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ নোহোৱালৈকে তেখেতে কোনো ছুৰাৰ আৰম্ভণি নিশ্চিত কৰিব পৰা নাছিল।
[ছহীহ] [(আবু দাঊদ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Kurdî Moore Soomaali Wolof Français Azərbaycan Tagalog Українська தமிழ் Deutsch bm ქართული Português Македонски Magyar Русский 中文 فارسی ភាសាខ្មែរ Malagasy Oromooالشرح
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাই উল্লেখ কৰিছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত যেতিয়া কোৰআনৰ ছুৰাসমূহ অৱতীৰ্ণ হৈছিল তেতিয়া তেখেতে সেইবোৰৰ মাজত সেইসময়লৈকে কোনো পাৰ্থক্য কৰিব পৰা নাছিল যেতিয়ালৈকে দুটা ছুৰাক পৃথক কৰিবলৈ বিছমিল্লা-হিৰ ৰহমা-নিৰ ৰাহীম অৱতীৰ্ণ হোৱা নাছিল। বিছমিল্লাহ অৱতীৰ্ণ হোৱাৰ পাছতহে গম পাইছিল উক্ত ছুৰা শেষ, এতিয়া নতুন ছুৰা আৰম্ভ।فوائد الحديث
বিছমিল্লাহক দুটা ছুৰাৰ মাজত ব্যৱধান ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছে। কেৱল ছুৰা আনফাল আৰু তাওবাৰ বাহিৰে।