إعدادات العرض
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ
আয়িশ্বাহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিতঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত একেলগ কৰি তাত ফুঁ দি শৰীৰৰ যিমান দূৰ সম্ভৱ মছেহ কৰিছিল, মূৰৰ পৰা আৰম্ভ কৰি মুখমণ্ডল আৰু শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।
[ছহীহ] [(বুখাৰী)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Kurdî Moore Soomaali Français Wolof Oromoo Tagalog Українська Azərbaycan தமிழ் bm Deutsch ქართული Português Македонски Magyar Русский 中文 فارسی km አማርኛ Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ এইটো নিয়ম আছিল যে, তেখেতে শুবলৈ যেতিয়া বিছনাত আহিছিল তেতিয়া তেখেতে ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি দুয়ো হাত দুআ কৰাৰ নিচিনাকৈ একত্ৰিত কৰি তাত অকণ থু থু দিয়াৰ নিচিনাকৈ ফুঁ দিছিল, আৰু তাৰ পিছত দুয়োখন হাতেৰে যিমান দূৰ সম্ভৱ মছেহ কৰিছিল। মূৰৰ পৰা আৰম্ভ কৰিছিল, মুখমণ্ডলকে আদি কৰি বিশেষকৈ শৰীৰৰ সন্মুখ ভাগত স্পৰ্শ কৰিছিল। এইটো তেখেতে তিনিবাৰ কৰিছিল।فوائد الحديث
টোপনি যোৱাৰ আগত ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ পাঠ কৰি হাতত ফুঁ দি শৰীৰ মছেহ কৰা মুস্তাহাব।