إعدادات العرض
1- তোমালোকে নিজৰ ঘৰসমূহক কবৰত পৰিণত নকৰিবা। নিশ্চয় চয়তান সেই ঘৰৰ পৰা পলায়ন কৰে যি ঘৰত ছুৰা আল-বাক্বাৰাহ তিলাৱত কৰা হয়।
2- যি ব্যক্তিয়ে ৰাতিত ছুৰা বাক্বাৰাৰ শেষৰ আয়াত দুটা তিলাৱত কৰিব, সেই ব্যক্তিৰ (নিৰাপত্তাৰ) বাবে এই দুটা আয়াতেই যথেষ্ট হ’ব।
3- মহান আল্লাহে কৈছেঃ মই মোৰ আৰু মোৰ বান্দাৰ মাজত নামাজক দুই ভাগত ভাগ কৰি দিছোঁ। মোৰ বান্দাক সেইটোৱে প্ৰদান কৰিছোঁ যিটো সি বিচাৰে।
4- হে আবুল মুনজিৰ, আল্লাহৰ কিতাবৰ কোনটো আয়াত তোমাৰ ওচৰত আটাইতকৈ মহান? তেতিয়া মই ক'লোঁঃ {اللهُ لا إِلَهَ إِلا هُوَ الْحَيُّ الْقَيُّومُ} (এই আয়াতটো মোৰ ওচৰত বেছি গুৰুত্বপূৰ্ণ) এই কথা শুনি তেখেতে মোৰ বুকুত হাতেৰে থপথপাই ক'লেঃ হে আবুল মুনজিৰ! তোমাৰ জ্ঞানক উষ্ণ আদৰণি জনাইছোঁ।
5- নবী চাল্লাল্লাহু আলাইহি অছাল্লামে প্ৰতি ৰাতি টোপনি যোৱাৰ আগত বিছনাত আহি ছুৰা ইখলাচ, ছুৰা ফালাক্ব আৰু ছুৰা নাছ