إعدادات العرض
বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।
বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।
জাবিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ "বান্দা আৰু শ্বিৰ্ক তথা কুফৰৰ মাজত পাৰ্থক্য হৈছে চালাত পৰিত্যাগ কৰা।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands اردو Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe සිංහල हिन्दी Tiếng Việt Hausa తెలుగు Kiswahili ไทย پښتو دری Кыргызча Lietuvių Kinyarwanda नेपाली മലയാളം Italiano Bosanski ಕನ್ನಡ Kurdî Oromoo Română Shqip Soomaali Српски Wolof Українська Tagalog தமிழ் Moore Malagasy Azərbaycan فارسی ქართული 中文 Magyarالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ফৰজ নামাজ পৰিত্যাগ কৰাৰ পৰা সতৰ্ক কৰিছে। তেখেতে কৈছে যে, নামাজ পৰিত্যাগ কৰাটো হৈছে শ্বিৰ্ক আৰু কুফৰী কৰাৰ দৰে। নামাজ হৈছে ইছলামৰ দ্বিতীয় ৰুকন। ইছলামত ইয়াৰ গুৰুত্ব অধিক। যিয়ে ইয়াক অস্বীকাৰ কৰি পৰিত্যাগ কৰিব, মুছলিমসকলৰ ইজমা মতে সি হৈছে কাফিৰ। আনহাতে যিয়ে অৱহেলা কৰি পৰিত্যাগ কৰিব সি কুফৰী কৰিব। এই বিষয়ে চাহাবাসকলৰ পৰা ইজমা প্ৰমাণিত আছে। যদি ব্যক্তিয়ে কেতিয়াবা পঢ়ে আৰু কেতিয়াবা পৰিত্যাগ কৰে তেন্তে সি এই কঠোৰ সতৰ্কবাণীৰ অন্তৰ্ভুক্ত হ'ব।فوائد الحديث
নামাজৰ গুৰুত্ব অনুধাৱন কৰা আৰু ইয়াক সময় মতে আদায় কৰা অত্যন্ত জৰুৰী। কাৰণ এইটোৱে হৈছে ঈমান আৰু কুফৰৰ মাজত পাৰ্থক্যকাৰী।
নামাজ পৰিত্যাগ কৰাৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে।