إعدادات العرض
নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান…
নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।
আবূ ছা'লাবাহ আল-খুশ্বানী জুৰছুম ইবনে নাশ্বিৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে: "নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।"
الترجمة
العربية Español አማርኛ English اردو Indonesia বাংলা Français Türkçe Русский Bosanski සිංහල हिन्दी 中文 فارسی Tiếng Việt Tagalog Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ ไทย Deutsch پښتو Shqip Nederlands ગુજરાતી Кыргызча नेपाली Lietuvių دری Српски тоҷикӣ Kinyarwanda Română Magyar Čeština Moore Malagasy Oromoo ಕನ್ನಡ Wolof Azərbaycan O‘zbek Українська ქართული Македонски ភាសាខ្មែរ Bambara ਪੰਜਾਬੀ मराठी Kirundi Kurmancî Bahasa Melayuالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, মহান আল্লাহে কিছুমান বিষয় ফৰজ তথা বাধ্যতামূলক কৰিছে, গতিকে সেইবোৰৰ ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা বা সেইবোৰক পৰিত্যাগ নকৰিবা। এইদৰে তেওঁ তোমালোকৰ বাবে এটা সীমাৰেখা নিৰ্ধাৰণ কৰিছে, যিয়ে তোমালোকক সেইবোৰ বস্তুৰ পৰা বিৰত ৰাখে, যিবোৰ বস্তুক তেওঁ অপছন্দ কৰে। গতিকে চৰীয়তে নিৰ্ধাৰণ কৰা সীমা অতিক্ৰম কৰা উচিত নহয়। এইদৰে তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ তোমালোকে ভক্ষণ নকৰিবা, আনকি সেইবোৰৰ নিকটৱৰ্তীও নহ'বা। ইয়াৰ বাহিৰে তেওঁ যিবোৰ বস্তু সম্পৰ্কে মৌনতা অৱলম্বন কৰিছে, সেয়া হৈছে বান্দাসকলৰ প্ৰতি এক প্ৰকাৰ অনুগ্ৰহ। সেয়ে এইবোৰৰ মৌলিক বিধান হৈছে বৈধ, গতিকে সেইবোৰৰ বিষয়ে অনুসন্ধান নকৰিবা।فوائد الحديث
হাদীছটোৱে প্ৰমাণ কৰে যে, মহান আল্লাহেই হৈছে চৰীয়ত প্ৰণেতা, তেওঁৰ হাততে সকলো বিষয়ৰ দায়িত্ব।
হাদীছটোত চৰীয়তৰ আদেশ আৰু অনুমতি সংক্ৰান্তীয় বিধান চামিল আছে। চৰীয়তৰ আদেশ দুই ধৰণে হয়, এক. কোনো বিষয়ে মৌখিকভাৱে আদেশ দিয়া। দুই. কোনো বিষয়ত মৌন হৈ থকা। এইটো কেতিয়াবা ওৱাজিব নিৰ্দেশ হয় আৰু কেতিয়াবা মান্দুব (ছুন্নত)। অথবা হাৰাম নাইবা মকৰূহ হিচাপে নিষেধ কৰা হয়, বা মুবাহ হয়।
মহান আল্লাহে যিটো বিষয়ত মৌনতা অৱলম্বন কৰিছে, যিটোক তেওঁ বাধ্যতামূলক কৰা নাই, আৰু সেইটোৰ কোনো সীমাও নিৰ্ধাৰণ কৰা নাই, লগতে সেই বিষয়ে নিষেধো কৰা নাই, তেন্তে সেইটো হৈছে হালাল।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম বৰ্ণনা পদ্ধতি যে, তেখেতে হাদীছটোত স্পষ্টৰূপে বিষয়বোৰ ভাগ ভাগ কৰি বৰ্ণনা কৰিছে।
আল্লাহে ফৰজ কৰা বিধানবোৰ সুচাৰূৰুপে নিয়মিত পালন কৰাটো অনিবাৰ্য্য।
আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখা অতিক্ৰম কৰা হাৰাম।
التصنيفات
দণ্ডবিধি