দণ্ডবিধি

দণ্ডবিধি

1- নিশ্চয় মহান আল্লাহে ফৰজসমূহক অৱশ্য পালনীয় কৰি দিছে, গতিকে এই ক্ষেত্ৰত তোমালোকে অৱহেলা নকৰিবা, লগতে তেওঁ কিছুমান সীমা নিৰ্ধাৰণ কৰি দিছে, গতিকে তোমালোকে সেইবোৰ লঙ্ঘন নকৰিবা। তেওঁ কিছুমান বস্তুক হাৰাম কৰিছে, গতিকে সেইবোৰ অমান্য নকৰিবা। তেওঁ কিছুমান বিষয়ত জানি বুজি নিৰৱতা অৱলম্বন কৰিছে- তোমালোকৰ বাবে ৰহমত হিচাপে; গতিকে সেইবোৰৰ বিষয়ে বেছি অনুসন্ধান নকৰিবা।