إعدادات العرض
যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।
যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।
আবু মুছা আশ্বআৰী ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, সি আমাৰ অন্তর্ভুক্ত নহয়।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Türkçe اردو 中文 हिन्दी Tagalog ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල தமிழ் ไทย دری Кыргызча Lietuvių Kinyarwanda नेपाली ಕನ್ನಡ Oromoo Română Italiano Soomaali Српски Українська Wolof Moore Malagasy Azərbaycan ქართული Magyarالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে মুছলিমসকলক ভয় দেখুৱাবলৈ বা তেওঁলোকৰ সম্পদ আদি লুটপাত কৰিবলৈ তেওঁলোকৰ ওপৰত অস্ত্ৰ ধাৰণ কৰাৰ পৰা সতৰ্ক কৰিছে। যিয়ে অন্যায়ভাৱে এইটো কৰিব, সি মহা অপৰাধ কৰিব, লগতে সি এই কাবীৰাহ গুনাহৰ চিকাৰ হৈ কঠোৰ শাস্তিৰ সন্মুখীন হ'ব।فوائد الحديث
এজন মুছলিমক আন এজন মুছলিমৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ পৰা কঠোৰভাৱে সতৰ্ক কৰা হৈছে।
মুছলিমসকলৰ ওপৰত অস্ত্ৰ ধাৰণ কৰা আৰু তেওঁলোকক হত্যা কৰি বিপৰ্যয় সৃষ্টি কৰাটো হৈছে আটাইতকৈ মহা অনৈতিক কৰ্ম তথা মহা বিপৰ্যয়।
ন্যায়ভাৱে হত্যা কৰা, যেনে- বিদ্ৰোহকাৰী তথা বিপৰ্যয় সৃষ্টিকাৰীক হত্যা কৰাটো উক্ত সতৰ্কবাণীৰ অন্তৰ্ভুক্ত নহয়।
অস্ত্ৰ আদিৰে মুছলিমসকলক ভয় দেখুৱাটোও হাৰাম, যদিও ধেমালিৰ ছলেৰেই নহওক কিয়।