إعدادات العرض
নিশ্চয় ইনচাফকাৰীসকল আল্লাহৰ ওচৰত নূৰৰ মিম্বৰৰ ওপৰত থাকিব। সৰ্বশক্তিমান দয়াময় আল্লাহৰ সোঁফালে অৱস্থান কৰিব।…
নিশ্চয় ইনচাফকাৰীসকল আল্লাহৰ ওচৰত নূৰৰ মিম্বৰৰ ওপৰত থাকিব। সৰ্বশক্তিমান দয়াময় আল্লাহৰ সোঁফালে অৱস্থান কৰিব। আল্লাহৰ দুয়ো হাতেই হৈছে সোঁ হাত।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় ইনচাফকাৰীসকল আল্লাহৰ ওচৰত নূৰৰ মিম্বৰৰ ওপৰত থাকিব। সৰ্বশক্তিমান দয়াময় আল্লাহৰ সোঁফালে অৱস্থান কৰিব। আল্লাহৰ দুয়ো হাতেই হৈছে সোঁ হাত। যিসকলে নিজৰ পৰিয়াল আৰু অধীনস্থ লোকসকলৰ মাজত ন্যায় তথা ইনচাফ আৰু সততাৰ সৈতে শাসনকাৰ্য পৰিচালনা কৰিছিল।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी සිංහල Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە Hausa ไทย دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Malagasy тоҷикӣ Oromoo Wolof Soomaali Български Українська Azərbaycan ქართული bm Македонскиالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিসকলে মানুহৰ মাজত অৰ্থাৎ নিজৰ অধীনস্থ লোকসকল আৰু পৰিয়ালবৰ্গৰ মাজত ন্যায়নীতিৰে ফয়চালা কৰে, তেওঁলোকে কিয়ামতৰ দিনা সসন্মানে সুউচ্চ আসনত বহিব, যি আসনসমূহ নূৰৰ দ্বাৰা নিৰ্মিত। এই আসনবোৰ অসীম দয়ালু মহান আল্লাহৰ সোঁফালে থাকিব। মহান আল্লাহৰ দুয়ো হাতেই হৈছে সোঁ হাত।فوائد الحديث
ইনচাফ বা ন্যায়পৰায়ণতাৰ গুৰুত্ব আৰু তাৰ প্রতি উৎসাহ প্ৰদান কৰা হৈছে।
এই ইনচাফে ব্যাপক অৰ্থ বহন কৰে, ইয়াৰ মাজত সকলো ৰাষ্ট্ৰ আৰু মানুহৰ মাজত কৰা সকলো প্ৰকাৰ ন্যায় ফয়চালাক সামৰি লোৱা হৈছে, আনকি স্ত্ৰীসকলৰ মাজত আৰু সন্তান-সন্ততিসকলৰ মাজত কৰা ন্যায়ও ইয়াৰেই অন্তৰ্ভুক্ত।
কিয়ামতৰ দিনা ইনচাফকাৰীসকলে পাবলগীয়া মর্যাদাৰ বৰ্ণনা।
কিয়ামতৰ দিনা ঈমান্দাৰসকলৰ আমল অনুযায়ী তেওঁলোকৰ মর্যাদা ভিন ভিন হ'ব।
উৎসাহ প্রদানৰ পদ্ধতি হৈছে দাৱাতৰ এটা অন্যতম পদ্ধতি, যিয়ে মানুহক আনুগত্য কৰিবলৈ উৎসাহ প্রদান কৰে।
التصنيفات
প্ৰশংসনীয় চৰিত্ৰসমূহ