إعدادات العرض
নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা…
নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।
কাআব বিন উজৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "নামাজৰ পিছত পঢ়িবলগীয়া কিছুমান বাক্য আছে, যিবোৰ বাক্য ফৰজ নামাজৰ পিছত পাঠ কৰা ব্যক্তিয়ে বা তাৰ ওপৰত আমল কৰা ব্যক্তিয়ে কেতিয়াও ব্যৰ্থ তথা বঞ্চিত নহয়। সেয়া হৈছে ৩৩ বাৰ ছুবহানাল্লাহ, ৩৩ বাৰ আলহাম্দুলিল্লাহ আৰু ৩৪ বাৰ আল্লাহু আকবাৰ পাঠ কৰা।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Português සිංහල Svenska ગુજરાતી አማርኛ Yorùbá Tiếng Việt Hausa Kiswahili پښتو دری Кыргызча or Malagasy Čeština नेपाली Oromoo Română Nederlands Soomaali తెలుగు ไทย മലയാളം Српски Kinyarwanda ಕನ್ನಡ Lietuvių Wolof ქართული Magyar Moore Українськаالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এটা দুআ শিকাইছে, যিটো পাঠ কৰিলে সেই ব্যক্তি বঞ্চিত নহয়। বৰং তাক ছোৱাব প্ৰদান কৰা হয়। সেই দুআটো ফৰজ নামাজৰ পিছত পাঠ কৰিব লাগে। সেয়া হৈছেঃ ছুবহানাল্লাহ ৩৩ বাৰ। অৰ্থাৎ আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা। আলহামদুলিল্লাহ ৩৩ বাৰ। ইয়াৰ অৰ্থ হৈছে, মুহাব্বত আৰু সন্মান সহকাৰে মহান আল্লাহৰ পূৰ্ণাংগ গুণাৱলী স্বীকাৰ কৰি তেওঁৰ প্ৰশংসা কৰা। আল্লাহু আকবাৰ ৩৪ বাৰ। অৰ্থাৎ আল্লাহ মহান। সকলো বস্তুতকৈ তেওঁৰ সত্ত্বা সৰ্বোৎকৃষ্ট সৰ্বোচ্চ।فوائد الحديث
হাদীছটোত তাছবীহ, তাকবীৰ আৰু তাহমীদৰ ফজিলত বৰ্ণিত হৈছে। এইবোৰে হৈছে চিৰস্থায়ী নেক আমল।