নামাজৰ দুআসমূহ

নামাজৰ দুআসমূহ

1- তেওঁ প্রতিটো নামাজৰ ছালাম ফিৰোৱাৰ পাছত এই দুআ পাঠ কৰিছিল, “লা ইলাহা ইল্লাল্লা-হু অহদাহু লা শ্বাৰীকা লাহ, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। লা হাউলা অলা ক্বুউওৱাতা ইল্লা বিল্লাহ। লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হ, লাহুন্নি’মাতু অলাহুল ফাজলু অলাহুচ ছানা-উল হাছান, লা ইলা-হা ইল্লাল্লা-হু মুখলিছীনা লাহুদ্দীনা অলাউ কাৰিহাল কা-ফিৰূন।” (অর্থ: আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক তথা অদ্বিতীয়, তেওঁৰ কোনো অংশীদাৰ নাই। বিশ্বজগতৰ তেৱেঁই সার্বভৌম অধিপতি। সকলো প্ৰশংসা একমাত্ৰ তেওঁৰেই, তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। আল্লাহৰ সহায় অবিহনে পাপকৰ্মৰ পৰা বিৰত থকাৰ আৰু সৎকৰ্ম কৰাৰ কাৰো শক্তি নাই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি কাৰো ইবাদত নকৰোঁ, যাৱতীয় নি‘আমত একমাত্ৰ তেওঁৰেই, আৰু তেওঁৰেই যাৱতীয় অনুগ্রহ, লগতে সকলো প্ৰকাৰ সু-প্রশংসা একমাত্ৰ তেওঁৰেই। আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নেই। আমি বিশুদ্ধচিত্তে তেওঁৰেই ইবাদত কৰোঁ, যদিও কাফিৰসকলে ইয়াক অপছন্দ নকৰক কিয়।

8- যি ব্যক্তিয়ে প্ৰতিটো নামাজৰ পিছত ৩৩ বাৰ ছুবহানাল্লাহ পাঠ কৰিব, আৰু ৩৩ বাৰ আলহাম্দুলিল্লাহ পাঠ কৰিব আৰু ৩৩ বাৰ আল্লাহু আকবাৰ পাঠ কৰিব, এয়া মুঠ হৈছে ৯৯ বাৰ, এইদৰে এশ সম্পূৰ্ণ কৰিবলৈ যিয়ে পাঠ কৰিবঃ লা ইলা-হা ইল্লাল্লাহু অহদাহু লা শ্বাৰীকা লাহু, লাহুল মুল্কু অলাহুল হাম্দু, ওৱা হুৱা আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। অৰ্থঃ (আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। ৰাজত্ব একমাত্ৰ তেওঁৰেই, সকলো ধৰণৰ প্ৰশংসাও তেওঁৰেই, আৰু তেওঁ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান।) তেন্তে তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ'ব, যদিও তাৰ গুনাহ সাগৰৰ ফেনৰ সমান হয়।