إعدادات العرض
আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।
আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।
ছাওবান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰি তিনিবাৰকৈ ইস্তিগফাৰ পঢ়িছিল। ইয়াৰ পিছত কৈছিলঃ "আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।", অলীদে কৈছে যে, মই আওঝায়ী ৰাহিমাহুল্লাহক সুধিলোঁঃ ইস্তিগফাৰ কেনেকৈ কৰিব লাগে? তেখেতে ক'লেঃ এনেকৈ কোৱা "আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ"।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ ไทย 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە සිංහල دری Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Kinyarwanda नेपाली Română Српски Soomaali Moore Deutsch Українська Български Wolof Azərbaycan ქართული тоҷикӣ bm Македонскиالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নামাজ শেষ কৰি এইদৰে কৈছিলঃ আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ, আস্তাগফিৰুল্লাহ। ইয়াৰ পিছত মহান প্ৰতিপালকৰ এইদৰে গুণগান কৰিছিলঃ "আল্লা-হুম্মা আনতাছ ছালামু অমিনকাছ ছালাম, তাবাৰাকতা য়া যাল জালালি অল ইকৰাম।" অৰ্থাৎ মহান আল্লাহ সকলো ক্ষেত্ৰতে পূৰ্ণাংগ গুণৰ অধিকাৰী, তেওঁ সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। দুনিয়া আৰু আখিৰাতৰ সকলো প্ৰকাৰ অনিষ্টতাৰ পৰা একমাত্ৰ আল্লাহৰ ওচৰতে নিৰাপত্তা তথা সুৰক্ষা প্ৰাৰ্থনা কৰিব লাগে, তেওঁৰ বাহিৰে আন কাৰো ওচৰতেই নহয়। দুনিয়া আৰু আখিৰাত উভয় ঠাইতে তেওঁৰ কল্যাণ অগণন। তেৱেঁই অত্যন্ত মহান আৰু উপকাৰকাৰী।فوائد الحديث
নামাজৰ পিছত ইস্তিগফাৰ পাঠ কৰা মুস্তাহাব, এইটো নিয়মিতভাৱে পাঠ কৰিব লাগে।
ইবাদতত হোৱা ত্ৰুটি আৰু অৱহেলা আদিৰ পৰিপূৰক হিচাপে ইস্তিগফাৰ কৰা তথা আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা মুস্তাহাব।
التصنيفات
নামাজৰ দুআসমূহ