إعدادات العرض
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ
মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ
ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নামাজৰ বিষয়ে মোৰ স্মৃতিত সংৰক্ষণ কৰি ৰাখিছোঁ. দুই ৰাকাত জোহৰৰ পূৰ্বে আৰু দুই ৰাকাত জোহৰৰ পিছত, মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত আৰু ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত, আৰু ফজৰৰ পূৰ্বে দুই ৰাকাত, এইটো হৈছে এনেকুৱা সময় যিটো সময়ত তেখেতৰ ওচৰলৈ কোনো যোৱা নাছিল, কিন্তু মোক হাফচা (ৰাদ্বিয়াল্লাহু আনহাই) জনাইছে যে, ফজৰ উদয় হোৱাৰ পিছত মুআজ্জিনে যেতিয়া আজান দিছিল তেতিয়া তেখেতে দুই ৰাকাত নামাজ পঢ়িছিল। আন এটা বৰ্ণনাত আছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জুমুআৰ পিছত দুই ৰাকাত পঢ়িছিল।
[ছহীহ] [(ইয়াৰ সকলো ৰিৱায়াত মুত্তাফাক আলাইহ)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Hausa Português Kurdî Kiswahili සිංහල Svenska Čeština ગુજરાતી Yorùbá Tiếng Việt پښتو دری Кыргызча or नेपाली Kinyarwanda Română తెలుగు Lietuvių മലയാളം Nederlands Soomaali Shqip Српски Українська Deutsch ಕನ್ನಡ Wolof Moore ქართული Azərbaycan Magyar mr தமிழ் Македонски မြန်မာ አማርኛ Malagasyالشرح
আব্দুল্লাহ ইবনে ওমৰ ৰাদ্বিয়াল্লাহু আনহুমাই বৰ্ণনা কৰিছে যে, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহ ৰাকাত নফল নামাজৰ বিষয়ে সংৰক্ষণ কৰি ৰাখিছে, যিবোৰক ছুনান আৰ-ৰাৱাতিব বুলি কোৱা হয়। দুই ৰাকাত হৈছে জোহৰৰ আগত আৰু দুই ৰাকাত হৈছে জোহৰৰ পিছত। মাগৰিবৰ পিছত ঘৰত দুই ৰাকাত। ঈশ্বাৰ পিছত ঘৰত দুই ৰাকাত। ফজৰৰ পূৰ্বে দুই ৰাকাত। এয়া হৈছে সম্পূৰ্ণ দহ ৰাকাত। আনহাতে তেখেতে জুমুআৰ নামাজৰ পিছতো দুই ৰাকাতে পঢ়িছিল।فوائد الحديث
এই নফল নামাজবোৰ নিয়মিতভাৱে আদায় কৰাটো হৈছে পছন্দনীয় আমল।
ছুন্নত নামাজবোৰ ঘৰত আদায় কৰাটো হৈছে চৰীয়ত সন্মত।