إعدادات العرض
নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত…
নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।
[ছহীহ] [(হাকিম, তাবৰাণী)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili ไทย پښتو Shqip دری Ελληνικά Български Fulfulde Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy or Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Kurdî Oromoo Wolof Soomaali Français Azərbaycan Tagalog Українська bm தமிழ் Deutsch ქართული Português Македонски Magyar فارسی Lingala Русский 中文الشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, মুছলিমৰ অন্তৰত থকা ঈমানো পুৰণি হয় তথা দুৰ্বল হয়, যিদৰে এটা নতুন কাপোৰ দীৰ্ঘ দিন ব্যৱহাৰ কৰিলে দুৰ্বল হৈ পৰে। ইয়াৰ অন্যতম কাৰণ হৈছে ইবাদতত অৱহেলা কৰা, পাপকৰ্মত লিপ্ত হোৱা আৰু প্ৰবৃত্তিৰ চাহিদাৰ ফালে মোহিত হৈ থকা। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দিশ-নিৰ্দেশনা দি কৈছে, আমি যেন আমাৰ ঈমান নবীকৰণ কৰিবলৈ আল্লাহৰ ওচৰত দুআ কৰোঁ, ফৰজ বিধানবোৰ পালন কৰোঁ, লগতে বেছি বেছি জিকৰ-আজকাৰ আৰু ইস্তিগফাৰ পাঠ কৰোঁ।فوائد الحديث
ঈমান নবীকৰণ কৰিবলৈ আৰু ঈমানৰ ওপৰত অটল থাকিবলৈ উক্ত হাদীছটোত আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
স্বীকাৰোক্তি, আমল আৰু বিশ্বাস, এই তিনিটাৰ সমষ্টিয়ে হৈছে ঈমান। সৎকৰ্ম কৰিলে ঈমান বৃদ্ধি হয় আৰু পাপকৰ্ম কৰিলে ঈমান হ্ৰাস হয়।
التصنيفات
ঈমানৰ বৃদ্ধি আৰু হ্রাস