إعدادات العرض
1- ঈমানৰ সত্তৰতকৈও অধিক অথবা ষাঠিতকৈও অধিক শাখা-প্ৰশাখা আছে।
2- তোমালোকৰ ভিতৰত যিয়ে কোনো চৰীয়ত বিৰোধী কৰ্ম কৰা দেখিব, তাৰ উচিত সি যেন সেইটোক বাধা দিয়ে।
3- যিয়ে ইছলামত (প্ৰৱেশ কৰি) সৎকৰ্ম কৰিছে, অজ্ঞতা যুগত কৰা কৰ্ম সম্পৰ্কে তাক জবাবদিহি কৰা নহ’ব।
4- প্ৰকৃত মুছলিম হৈছে সেইজন, যাৰ হাত আৰু জিভাৰ দ্বাৰা অন্যান্য মুছলমানসকল সুৰক্ষিত থাকে। এইদৰে প্ৰকৃত মুহাজিৰ হৈছে সেইজন, যিয়ে আল্লাহৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকে।
5- (হে আল্লাহৰ ৰাছুল) আমাৰ মনত এনেকুৱা কিছুমান কথা উদ্ভৱ হয়, যিবোৰ কথা মুখেৰে উচ্চাৰণ কৰাটোক আমি মাৰাত্মক বুলি ভাবোঁ। তেখেতে ক'লেঃ "সঁচাই তোমালোকে এইটো অনুভৱ কৰানে?" তেওঁলোকে ক'লেঃ হয়। তেখেতে ক'লেঃ "সেইটোৱে হৈছে স্পষ্ট ঈমানৰ পৰিচয়।
6- নিশ্চয় তোমালোকৰ ভিতৰত থকা ঈমানো ক্ষয় হয়, যিদৰে তোমালোকে পৰিধান কৰা কাপোৰ ক্ষয় হয়। গতিকে তোমালোকে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা, তেওঁ যেন তোমালোকৰ অন্তৰত থকা ঈমানক নবীকৰণ কৰি দিয়ে।