إعدادات العرض
যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।
যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "যিয়ে জানি বুজি মোৰ বিষয়ে মিছা কথা ক'ব, সি যেন নিজৰ ঠিকনা জাহান্নামত বনাই লয়।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá اردو Bahasa Indonesia ئۇيغۇرچە සිංහල हिन्दी Hausa Kiswahili پښتو دری Кыргызча or Türkçe Tiếng Việt नेपाली Kinyarwanda తెలుగు Bosanski Lietuvių Română മലയാളം Nederlands Soomaali Српски Kurdî Українська Deutsch ಕನ್ನಡ Wolof Moore Shqip Português ქართული Azərbaycan 中文 Magyar فارسی Македонски தமிழ் Русский বাংলা Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত কৈছে যে, যিয়ে জানি বুজি কোনো কথা বা কৰ্ম মিছাতে তেখেতে কৰা বুলি প্ৰচাৰ কৰিব, আখিৰাতত তাৰ ঠিকনা হ'ব জাহান্নাম। এইটো হৈছে তেখেতৰ সৈতে মিছা কথা সম্পৃক্ত কৰাৰ প্ৰতিফল।فوائد الحديث
জানি বুজি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি মিছা কথা সম্পৃক্ত কৰাটো হৈছে জাহান্নামত প্ৰৱেশৰ অন্যতম কাৰণ।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে মিছা কথা সম্পৃক্ত কৰাটো অন্যান্য লোকৰ বিষয়ে মিছা কথা কোৱাৰ দৰে নহয়। কাৰণ তেখেতৰ বিষয়ে মিছা কথা কোৱাৰ ফলত দ্বীন আৰু দুনিয়া উভয় ক্ষেত্ৰতে ক্ষতিৰ সন্মুখীন হ'বলগীয়া হয়।
পুংখানুপুংখভাৱে অনুসন্ধান নকৰাকৈ তথা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সৈতে হাদীছটোৰ সম্পৰ্ক আছে বুলি নিশ্চিত নোহোৱাকৈ কোনো হাদীছ প্ৰচাৰ কৰিবলৈ সতৰ্ক কৰা হৈছে।