إعدادات العرض
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে…
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ "ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সেই পুৰুষৰ প্ৰতি অভিসম্পাত কৰিছে, যিয়ে নাৰীৰ পোছাক পৰিধান কৰে। এইদৰে সেই নাৰীৰ প্ৰতিও অভিসম্পাত কৰিছে, যিয়ে পুৰুষৰ পোছাক পৰিধান কৰে।"
[ছহীহ]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt සිංහල ئۇيغۇرچە Hausa Kurdî Português Kiswahili ગુજરાતી Nederlands አማርኛ മലയാളംالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে সেই ব্যক্তিক আল্লাহৰ ৰহমতৰ পৰা আঁতৰাই ৰখাৰ বদ্দুআ কৰিছে, যিয়ে নাৰীৰ সাদৃশ্যতা গ্ৰহণ কৰি নাৰীৰ পোছাক পৰিধান কৰে। এই সাদৃশ্যতা, ধৰণ-গঠণৰ ক্ষেত্ৰতে হওক বা ৰং আদিৰ ক্ষেত্ৰতে হওক, নাইবা পোছাক পৰিধানৰ পদ্ধতিতে হওক অথবা বেলেগ কোনো সৌন্দৰ্য্যৰ ক্ষেত্ৰতে হওক। এইদৰে সেই নাৰীৰ ক্ষেত্ৰতো অভিসম্পাত কৰিছে, যিয়ে পুৰুষসকলৰ পোছাক পৰিধান কৰি সাদৃশ্য গ্ৰহণ কৰে। এইটো হৈছে এটা মহাপাপ, তথা কাবীৰাহ গুনাহ।فوائد الحديث
শ্বাওকানী ৰাহিমাহুল্লাহে কৈছেঃ পুৰুষসকলে নাৰীসকলৰ আৰু নাৰীসকলে পুৰুষসকলৰ সাদৃশ্যতা গ্ৰহণ কৰা হাৰাম। কিয়নো অভিসম্পাত সেই ক্ষেত্ৰতে কৰা হয় যিটোক হাৰাম কৰা হৈছে।
শ্বাইখ ইবনে উছাইমীনে কৈছেঃ যিবোৰ পোছাক নাৰী পুৰুষ উভয়ে পৰিধান কৰে, তেনেকুৱা পোছাক পৰিধান কৰাত কোনো অসুবিধা নাই। কিয়নো এই ক্ষেত্ৰত উভয়ে অংশীদাৰ।