إعدادات العرض
সীমালংঘনকাৰীসকল ধ্বংস হওক।
সীমালংঘনকাৰীসকল ধ্বংস হওক।
আব্দুল্লাহ বিন মাছউদ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সীমালংঘনকাৰীসকল ধ্বংস হওক।" এই কথাষাৰ তেখেতে তিনিবাৰ কৈছে।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Türkçe اردو 中文 हिन्दी Tagalog ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Русский Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands සිංහල دری Akan Български Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda тоҷикӣ O‘zbek नेपाली Moore Azərbaycan Wolof Oromoo Soomaali Українська bm ភាសាខ្មែរ rn ქართული Македонски Српски Ελληνικά አማርኛ Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, দ্বীন আৰু দুনিয়া, কথা আৰু কৰ্ম আদি সকলো ক্ষেত্ৰতে হিদায়ত আৰু জ্ঞান অৰ্জন নকৰাৰ বিপৰীতে সীমালংঘন কৰাটো হৈছে ধ্বংসৰ কাৰণ। সীমালংঘন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা চৰীয়তৰ সীমাক কেৰেপ নকৰি অতিক্ৰম কৰা।فوائد الحديث
চৰমপন্থা তথা কঠোৰতা সকলো ক্ষেত্ৰতে হাৰাম, চৰীয়তে ইয়াৰ পৰা বিৰত থাকিবলৈ উৎসাহিত কৰিছে। বিশেষকৈ ইবাদত আৰু পূণ্যৱান লোকসকলৰ ক্ষেত্ৰত।
পৰিপূৰ্ণৰূপে ইবাদত পালন কৰাটো হৈছে প্ৰশংসনীয় বিষয়, কিন্তু এইটোও হ'ব লাগিব চৰীয়ত অনুসৰি।
গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কে তাগিদ কৰা মুস্তাহাব। কিয়নো নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উক্ত কথাষাৰ তিনিবাৰ কৈছিল।
ইছলামৰ মহানুভৱতা আৰু ইয়াৰ সৰলতা।