إعدادات العرض
যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা…
যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া হ’ব, যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ ফেনৰ সমান হয়।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी සිංහල Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە தமிழ் دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Wolof Soomaali Moore Українська Български Azərbaycan ქართული тоҷикӣ bm Oromoo Македонски አማርኛالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যি ব্যক্তিয়ে দিনে এশ বাৰ ‘ছুবহানাল্লাহি অবিহামদিহি’ (অৰ্থ: মই আল্লাহ তা‘আলাৰ প্রশংসা সহকাৰে তেওঁৰ পৱিত্ৰতা ঘোষণা কৰিছোঁ) পাঠ কৰিব, তাৰ গুনাহসমূহ মচি দিয়া হ'ব আৰু ক্ষমা কৰি দিয়া হ’ব। যদিও তাৰ গুনাহৰ পৰিমাণ সাগৰৰ তৰঙ্গত ভাঁহি থকা ফেনৰ সমান হয়।فوائد الحديث
যিয়ে একেলেঠাৰিয়ে পাঠ কৰিছে আৰু যিয়ে বিভিন্ন সময়ত পাঠ কৰিছে উভয়েই এই ছোৱাব লাভ কৰিব।
তাছবীহ হৈছে আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা, আৰু হাম্দ হৈছে মুহাব্বত আৰু সন্মান সহকাৰে তেওঁক পূৰ্ণাংগ গুণাৱলীৰে বিশেষিত কৰা।
হাদীছটোত সৰু গুনাহ ক্ষমা হোৱাৰ কথা বুজোৱা হৈছে। আনহাতে কবীৰাহ গুনাহৰ বাবে তাওবা জৰুৰী।
التصنيفات
জিকৰ-আজকাৰৰ গুৰুত্ব