إعدادات العرض
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ…
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল।
আবু আব্দুৰ ৰহমান আচ-ছুলামী ৰাহিমাহুল্লাহে কৈছেঃ চাহাবাসকলৰ মাজৰ যিসকলে আমাক শিকাইছে তেওঁলোকে বৰ্ণনা কৰিছে যে, তেওঁলোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা দহটাকৈ আয়াত শিকিছিল, আৰু এই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ নকৰালৈকে তথা ইয়াৰ প্ৰতি আমল নকৰালৈকে আন দহটা আয়াত পাঠ হিচাপে লোৱা নাছিল। তেওঁলোকে কৈছেঃ আমি জ্ঞান আৰু আমল একেলগে শিকিছিলোঁ।
[হাছান] [(আহমদ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Kurdî Moore Soomaali Français Wolof Tagalog Українська Azərbaycan தமிழ் Deutsch bm ქართული Português Македонски Magyar Русский 中文 فارسی ភាសាខ្មែរ አማርኛ Malagasy Oromooالشرح
চাহাবাসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা কোৰআনৰ দহটাকৈ আয়াত শিকিছিল, আৰু তেওঁলোকে পৰৱৰ্তী আয়াতলৈ তেতিয়ালৈকে আগবঢ়া নাছিল যেতিয়ালৈকে তেওঁলোকে সেই দহটা আয়াতৰ পৰা শিকিবলগীয়া জ্ঞানখিনি আহৰণ কৰা নাছিল তথা তাৰ প্ৰতি আমল কৰা নাছিল। এতেকে তেওঁলোকে ইল্ম আৰু আমল একেলগে শিকিছিল।فوائد الحديث
হাদীছটোত চাহাবাসকলৰ ফজিলত বৰ্ণিত হৈছে, লগতে কোৰআন শিকাৰ প্ৰতি থকা তেওঁলোকৰ আগ্ৰহৰ বিষয়টো উল্লেখ হৈছে।
কোৰআন শিকাৰ মূল উদ্দেশ্য হৈছে, জ্ঞান অৰ্জন কৰা আৰু সেইমতে আমল কৰা। কেৱল তিলাৱত কৰা আৰু মুখস্থ কৰাটোৱে ইয়াৰ উদ্দেশ্য হ'ব নালাগে।
কথা আৰু কৰ্মৰ আগত জ্ঞান অৰ্জন কৰা জৰুৰী।