إعدادات العرض
ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।
ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজনী আনচাৰী মহিলাক কৈছিল যে, "আমাৰ লগত হজ্জ কৰিবলৈ তোমাক কিহে বাধা দিছে"? (বৰ্ণনাকাৰীয়ে কৈছে যে) ইবনে আব্বাছে সেই মহিলাজনীৰ নাম কৈছিল কিন্তু মই পাহৰি গৈছোঁ। মহিলাজনীয়ে ক'লেঃ পানী বহনৰ বাবে আমাৰ দুটা উট আছে, তাৰে এটাকলৈ মোৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছে, আৰু আন এটা উট আমাৰ বাবে পানী বহন কৰিবলৈ ৰাখি থৈ গৈছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম ক'লেঃ "ঠিক আছে, ৰমাজান মাহ আহিলে তুমি ওমৰাহ কৰিবা, কাৰণ ৰমাজানত কৰা ওমৰাহ হৈছে হজ্জৰ সমান।"
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Tagalog Türkçe اردو 中文 हिन्दी Tiếng Việt ئۇيغۇرچە Hausa Kurdî മലയാളം Kiswahili Português සිංහල دری Svenska አማርኛ ไทย Yorùbá Кыргызча ગુજરાતી Malagasy नेपाली Oromoo Română Nederlands Soomaali پښتو తెలుగు Kinyarwanda ಕನ್ನಡ Српски Wolof Mooreالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লাম যেতিয়া বিদায়ী হজ্জৰ পৰা উভতি আহিছিল, তেতিয়া তেখেতে হজ্জ নকৰা এজনী আনচাৰী মহিলাক কৈছিল, আমাৰ লগত হজ্জ কৰিবলৈ তুমি যোৱা নাছিলা কিয়? তেতিয়া সেই মহিলাজনীয়ে ওজৰ পেচ কৰি কৈছিল যে, সিহঁতৰ মাত্ৰ দুটা উট আছে। তাৰে এটা লৈ তাইৰ স্বামী আৰু ল'ৰাই হজ্জ কৰিবলৈ গৈছিল আৰু আনটো ঘৰত ৰাখি থৈ গৈছিল, যাতে তাৰ দ্বাৰা কুঁৱাৰ পৰা পানী উঠোৱাৰ কামত ব্যৱহাৰ কৰিব পাৰে। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাইক জনাই দিলে যে, ৰমাজান মাহত ওমৰাহ পালন কৰাটো হৈছে হজ্জ পালন কৰাৰ সমান ছোৱাব।فوائد الحديث
ৰমাজান মাহত ওমৰাহ পালন কৰাৰ গুৰুত্ব।
ৰমাজান মাহত ওমৰাহ কৰাটো হৈছে হজ্জৰ সমান ছোৱাব, কিন্তু ইয়াৰ ফলত ফৰজ হজ্জৰ পৰা দায়মুক্ত হোৱা নাযায়।
সময়ৰ মৰ্যাদা বৃদ্ধি হোৱাৰ কাৰণে আমলৰো ছোৱাব বৃদ্ধি হয়। ইয়াৰ অন্যতম উদাহৰণ হৈছে ৰমাজানত কৰা আমলসমূহ।
التصنيفات
হজ্জ আৰু ওমৰাৰ ফজীলত