إعدادات العرض
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত…
তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।
আবূ কাতাদা ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে: ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে: "তোমালোকৰ মাজৰ কোনোবাই যেতিয়া প্ৰস্ৰাৱ কৰে, তেতিয়া তেওঁ যাতে সোঁহাতেৰে নিজৰ পুৰুষাংগ ধৰি নাথাকে। এইদৰে শৌচালয়ত যাতে সোঁহাতেৰে ময়লা পৰিষ্কাৰ নকৰে, আৰু পানী খোৱাৰ সময়ত যাতে পিয়লাৰ ভিতৰত উশাহ-নিশাহ নলয়।"
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी සිංහල Hausa Português Kurdî Kiswahili دری Tiếng Việt Svenska Yorùbá Кыргызча ગુજરાતી नेपाली Oromoo മലയാളം Română Nederlands Soomaali پښتو తెలుగు Kinyarwanda ಕನ್ನಡ Српски Moore ქართული Українська Čeština Magyar Македонски Lietuvių Azərbaycan Wolof አማርኛ Malagasyالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেইটিমান শিষ্টাচাৰ উল্লেখ কৰিছেঃ ইয়াত তেখেতে প্ৰস্ৰাৱ কৰাৰ সময়ত সোঁহাতে পুৰুষাংগ ধৰি ৰাখিবলৈ নিষেধ কৰিছে। এইদৰে উভয় লজ্জাস্থানৰ ময়লা সোঁহাতেৰে পৰিষ্কাৰ কৰিবলৈ নিষেধ কৰিছে। কাৰণ সোঁ হাত সন্মানজনক কামৰ বাবে প্ৰস্তুত কৰা হৈছে। এইদৰে তেখেতে পানী খোৱা অৱস্থাত সেই পাত্ৰত উশাহ-নিশাহ ল'বলৈ নিষেধ কৰিছে।فوائد الحديث
হাদীছটোত এই কথা স্পষ্ট হৈছে যে, ইছলামে শিষ্টাচাৰ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাক অগ্ৰাধিকাৰ দিয়ে।
ময়লা-আৱৰ্জনাযুক্ত বস্তুক পৰিহাৰ কৰা উচিত। একান্ত বাধ্য অৱস্থাত বাওঁহাতেৰে সেয়া পৰিষ্কাৰ কৰা উচিত।
বাওঁ হাতৰ ওপৰত সোঁহাতক মৰ্যাদা দিয়া হৈছে।
ইছলামী চৰীয়ত পৰিপূৰ্ণ, আৰু ইয়াৰ ভিতৰত সকলো প্ৰকাৰ শিক্ষাক সামৰি লোৱা হৈছে।