إعدادات العرض
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে…
কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।
ছালামাহ ইবনুল আকৱা -ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, কোনো এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সন্মুখত বাওঁ হাতেৰে খানা খোৱাত তেখেতে তাক ক'লেঃ "সোঁ হাতেৰে খোৱা।" সি উত্তৰত ক'লেঃ মই খাব নোৱাৰোঁ। তেখেতে ক'লেঃ "তই যেন খাবও নোৱাৰ'।" কাৰণ সি অহংকাৰ কৰি তেখেতৰ নিৰ্দেশ অমান্য কৰিছিল। (বৰ্ণনাকাৰীয়ে) কৈছেঃ ইয়াৰ পিছৰ পৰা সি কেতিয়াও নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে আনিব পৰা নাছিল।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Kiswahili Português සිංහල Svenska Čeština ગુજરાતી Yorùbá ئۇيغۇرچە پښتو دری Кыргызча or Tiếng Việt नेपाली Kinyarwanda తెలుగు Lietuvių Oromoo Română മലയാളം Nederlands Soomaali Српски Українська Deutsch ಕನ್ನಡ Wolof Moore Shqip ქართული Azərbaycan Magyar Македонски தமிழ் မြန်မာ አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক বাওঁ হাতেৰে খানা খোৱা দেখি তাক সোঁ হাতেৰে খাবলৈ নিৰ্দেশ দিলে, কিন্তু সি অহংকাৰ কৰি মিছাতে ক'লে যে, সি সোঁ হাতেৰে খাব নোৱাৰে। সেয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তাক বদ্দুআ দি ক'লে, সি যেন সোঁ হাতেৰে কেতিয়াও খাব নোৱাৰে। ফলত আল্লাহেও নবীৰ দুআ কবূল কৰিলে আৰু সেই ব্যক্তিৰ হাত অক্ষম কৰি দিলে। এতেকে ইয়াৰ পিছত সি কেতিয়াও আৰু খোৱা বোৱা কৰিবলৈ নিজৰ সোঁ হাত মুখৰ ওচৰলৈকে লব পৰা নাছিল।فوائد الحديث
সোঁ হাতেৰে খোৱা ওৱাজিব আৰু বাওঁ হাতেৰে খোৱা হাৰাম।
চৰীয়তি বিধান পালনৰ ক্ষেত্ৰত অহংকাৰ কৰিলে, বান্দা শাস্তি পোৱাৰ যোগ্য হৈ যায়।
মহান আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক দিয়া সন্মানসমূহৰ ভিতৰত অন্যতম এটা সন্মান হৈছে এই যে, তেওঁ নবীৰ দুআ কবূল কৰিছিল।
সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ সদায় কৰিব লাগে, আনকি খোৱা-বোৱাৰ সময়তো।
التصنيفات
পানাহাৰ কৰাৰ শিষ্টাচাৰ