إعدادات العرض
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই…
“ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “ঋণ পৰিশোধ কৰিবলৈ অক্ষম ব্যক্তিক (তাৰ সচ্ছলতা ঘূৰি নহালৈকে) যিয়ে অৱকাশ দিব অথবা তাক ক্ষমা কৰি দিব, আল্লাহে সেই ব্যক্তিক কিয়ামতৰ দিনা আৰশ্বৰ ছাঁৰ তলত স্থান দিব, যিদিনা সেই ছাঁৰ বাহিৰে আন কোনো ছাঁ নাথাকিব।”
[ছহীহ] [(তিৰমিজী, আহমদ)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands ئۇيغۇرچە සිංහල ไทย دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy or Română Kinyarwanda Српски тоҷикӣ O‘zbek Moore नेपाली Oromoo Wolof Soomaali Български Українська Azərbaycan bm ქართული Македонскиالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, যিয়ে ঋণগ্ৰস্থ ব্যক্তিক ঋণ পৰিশোধ কৰিবলৈ অৱকাশ দিব অথবা তাৰ ঋণ মাফ কৰি দিব, তেন্তে তাৰ প্ৰতিদান হ'ব এই যে, কিয়ামতৰ দিনা আল্লাহে তাক আৰচৰ ছাঁৰ তলত স্থান দিব, যিদিনা সূৰ্য্য মানুহৰ মূৰৰ নিচেই কাষত থাকিব আৰু উষ্ণতা খুবেই বেছি থাকিব। আল্লাহে যাক ছাঁ প্ৰদান কৰিব, তাৰ বাহিৰে আন কোনেও ছাঁ নাপাব।فوائد الحديث
আল্লাহৰ বান্দাসকলৰ প্ৰতি সহানুভূতি দেখুৱাৰ গুৰুত্ব, আৰু এইটো হৈছে কিয়ামত দিৱসৰ ভয়াৱহতাৰ পৰা পৰিত্ৰাণ পোৱাৰ অন্যতম এটা উপায়।
কর্ম অনুযায়ী বিনিময় প্ৰদান কৰা হয়।
التصنيفات
পৰকালৰ জীৱন