إعدادات العرض
“দুটা বাক্য দয়াময় আল্লাহৰ খুবেই প্ৰিয়, সেই দুটা উচ্চাৰণ কৰিবলৈও খুবেই সহজ, তুলাচনীত হ'ব অতি গধূৰ
“দুটা বাক্য দয়াময় আল্লাহৰ খুবেই প্ৰিয়, সেই দুটা উচ্চাৰণ কৰিবলৈও খুবেই সহজ, তুলাচনীত হ'ব অতি গধূৰ
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “দুটা বাক্য দয়াময় আল্লাহৰ খুবেই প্ৰিয়, সেই দুটা উচ্চাৰণ কৰিবলৈও খুবেই সহজ, তুলাচনীত হ'ব অতি গধূৰ।সেয়া হৈছে: سُبْحَانَ اللَّهِ وَبِحَمْدِهِ سُبْحَانَ اللَّهِ الْعَظِيمِ ছুবহা-নাল্লাহি অবিহামদিহি, ছুবাহা-নাল্লাহিল আজীম। (মহান আল্লাহ অতি পৱিত্ৰ, প্ৰশংসা একমাত্ৰ তেওঁৰেই। আল্লাহ অতি পৱিত্ৰ, তেওঁ অত্যন্ত মহান।।”
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල தமிழ் دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Oromoo Wolof Soomaali Български Українська Azərbaycan ქართული тоҷикӣ Македонски bm Malagasyالشرح
নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে দুটা বাক্য সম্পৰ্কে জনাইছে যে, মানুহে সকলো সময়তে সেই দুটা বাক্যক খুব সহজে উচ্চাৰণ কৰিব পাৰে, আৰু মীজানত সেই দুটা বাক্যৰ ছোৱাব অত্যন্ত গধূৰ হ'ব, আমাৰ দয়াময় প্ৰতিপালক মহান আল্লাহে সেই বাক্য দুটাক খুবেই পছন্দ কৰে। سُبْحَانَ اللَّهِ وَبِحَمْدِهِ سُبْحَانَ اللَّهِ الْعَظِيمِ ছুবহা-নাল্লাহি অবিহামদিহি, ছুবাহা-নাল্লাহিল আজীম। এই বাক্য দুটা অতি প্ৰিয় হোৱাৰ কাৰণ হৈছে, ইয়াৰ ভিতৰত মহান আল্লাহৰ পূৰ্ণাংগ গুণাৱলী আৰু মহত্বৰ কথা উল্লেখ আছে, আৰু তেখেতক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে।فوائد الحديث
সৰ্বোত্তম দুআ হৈছে সেইটো, যিটো দুআত আল্লাহক সকলো প্ৰকাৰ দোষ-ত্রুটিৰ পৰা পৱিত্ৰ ঘোষণা কৰা হৈছে আৰু তেওঁৰ প্ৰশংসা কৰা হৈছে।
বান্দাৰ প্ৰতি আল্লাহৰ অপৰিসীম ৰহমতৰ বৰ্ণনা, কাৰণ তেওঁ সামান্য আমলৰ প্ৰতিদানো অধিক বৃদ্ধিকৈ প্ৰদান কৰে।
التصنيفات
সাধাৰণ আজকাৰসমূহ