তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।

তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।

উচমান ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকৰ মাজত সর্বশ্রেষ্ঠ হৈছে সেইজন ব্যক্তি, যিয়ে নিজে কোৰআন শিকে আৰু আনকো শিকায়।"

[صحيح] [رواه البخاري]

الشرح

হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, আল্লাহৰ দৃষ্টিত উৎকৃষ্ট মুছলিম হৈছে সেইজন, যিয়ে কোৰআন শিকে তথা তিলাৱত কৰে, মুখস্থ কৰে, তাফছীৰ তথা অৰ্থ বুজিবলৈ যত্ন কৰে, এইদৰে যিয়ে আমল কৰাৰ লগতে কোৰআনৰ জ্ঞান আনকো শিকায়।

فوائد الحديث

কোৰআনৰ মৰ্যাদাৰ বৰ্ণনা, কাৰণ এইখন হৈছে সৰ্বোৎকৃষ্ট বাণী তথা মহান আল্লাহৰ বাণী।

উৎকৃষ্ট শিক্ষাৰ্থী হৈছে সেইজন, যিয়ে নিজে শিকাৰ পিছত আনকো শিকায়, শিক্ষাক নিজৰ মাজতেই সীমাবদ্ধ কৰি নাৰাখে।

কোৰআন শিকা আৰু শিক্ষা দিয়াৰ মাজত তিলাৱত কৰা অৰ্থ বুজা আৰু বিধান গ্ৰহণ কৰা আদি সকলো বিষয় অন্তৰ্ভুক্ত।

التصنيفات

কোৰআনৰ প্ৰতি মনোযোগ দিয়াৰ ফজীলত