إعدادات العرض
যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই…
যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।
ইবনে আব্বাছ ৰাদ্বিয়াল্লাহু আনহুমাৰ বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়েই জ্যোতিষ বিদ্যাৰ কিছু শিক্ষা গ্ৰহণ কৰে, সি দৰাচলতে যাদু বিদ্যাৰ এটা শাখা আয়ত্ত কৰে। ইয়াৰ পিছত সি যিমানেই শিকিব সিমানেই সেই পথত আগুৱাই যাব।
الترجمة
العربية Bosanski English Español فارسی Français Bahasa Indonesia Русский اردو 中文 हिन्दी বাংলা ئۇيغۇرچە Kurdî Português മലയാളം తెలుగు Kiswahili தமிழ் සිංහල မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands Türkçe Hausa دری Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Soomaali Moore Українська Български Tagalog Wolof Azərbaycanالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত স্পষ্টভাৱে ঘোষণা কৰিছে যে, যিয়ে জ্যোতিষি বিদ্যা শিকে বা ৰাশিফল গণনা কৰা শিকে অথবা গ্ৰহ-নক্ষত্ৰৰ গতিবিধি গণনা কৰি মৃত্যু বা জীৱন অথবা বেমাৰৰ আগজাননী দিয়া শিকে, সি দৰাচলতে যাদু বিদ্যাৰ এটা অংশ শিকে, এই শিক্ষাত সি যিমানেই গভীৰতা অৰ্জন কৰিব, তাৰ যাদু বিদ্যা সিমানেই বৃদ্ধি পাব।فوائد الحديث
গ্ৰহ-নক্ষত্ৰৰ গতিবিধি গণনা কৰি ভৱিষ্যদ্বাণী কৰা হাৰাম। কাৰণ এইটো হৈছে গায়েবৰ ইল্ম থকা বুলি দাবী কৰাৰ অন্তৰ্ভুক্ত।
জ্যোতিষি বিদ্যা হাৰাম আৰু এইটো যাদুৰেই এটা প্ৰকাৰ, যিটো তাওহীদৰ পৰিপন্থী। আনহাতে দিশ নিৰ্ধাৰণ কৰিবলৈ বা কিবলাৰ দিশ সুনিৰ্দিষ্ট কৰিবলৈ অথবা মাহ আদি নিৰ্ধাৰণ কৰিবলৈ গ্ৰহ নক্ষত্ৰৰ ফালে চোৱাত কোনো অসুবিধা নাই, এইটো বৈধ।
জ্যোতিষি বিদ্যাত যিমানেই গভীৰতা অৰ্জন কৰিব, সি সিমানেই যাদু বিদ্যাত পাৰ্গত হ'ব।
পৱিত্ৰ কোৰআনত আল্লাহে মানুহৰ বাবে তাৰকাৰাজিৰ তিনিটা উপকাৰিতা বৰ্ণনা কৰিছে। ১) এইবোৰ হৈছে আকাশৰ সৌন্দৰ্য ২) পথ নিৰ্ধাৰণ কৰাৰ উপায় ৩) চয়তানক নিক্ষেপ কৰাৰ আহিলা।
التصنيفات
ইছলাম বিনষ্টকাৰী বিষয়সমূহ