إعدادات العرض
তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।
তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।
আব্দুৰ ৰহমান বিন ছামুৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "তোমালোকে বাতিল উপাস্য আৰু পিতৃপুৰুষসকলৰ শপত নাখাবা।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Português සිංහල Kiswahili ગુજરાતી Tiếng Việt Nederlands Hausa پښتو नेपाली മലയാളം Кыргызча Română Svenska Српски తెలుగు ქართული Moore Magyar Македонски Čeština Українська Azərbaycan Kinyarwanda Malagasy Wolofالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত তাৱাগীৰ শপত খাবলৈ নিষেধ কৰিছে। তাৱাগী হৈছে তাগিয়াৰ বহুবচন। ইয়াৰ দ্বাৰা সেইবোৰ মূৰ্ত্তিক বুজোৱা হৈছে, যিবোৰ মূৰ্ত্তিৰ উপাসনা মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে কৰিছিল। লগতে এইটোৱে আছিল সিহঁতৰ কুফৰী আৰু অস্বীকাৰ কৰাৰ কাৰণ। এইদৰে তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে পিতৃপুৰুষৰ শপত খাবলৈ নিষেধ কৰিছে। কাৰণ অজ্ঞতাযুগত আৰবীয়ানসকলে সগৌৰৱে নিজৰ পিতৃপুৰুষৰ শপত খাইছিল।فوائد الحديث
মহান আল্লাহ, তেওঁৰ নাম আৰু গুণাৱলীসমূহৰ বাহিৰে আনৰ নামত শপত খোৱা বৈধ নহয়।
বাতিল উপাস্য, পিতৃপুৰুষ, প্ৰভাৱশালী ব্যক্তি আৰু মূৰ্ত্তি আদিৰ শপত খোৱা হাৰাম। এনেকুৱা সকলো প্ৰকাৰ বস্তুৰ শপত খোৱা বাতিল।
আল্লাহৰ বাহিৰে আনৰ নামত শপত খোৱাটো হৈছে শ্বিৰ্কে আচগৰ। কেতিয়াবা ই শ্বিৰ্কে আকবাৰো হয়। যদি শপতকৃত সত্ত্বাক অন্তৰেৰে উপাস্য সমতুল্য গণ্য কৰে, যিদৰে আল্লাহক সন্মান কৰা হয়। অথবা তাক যদি উপাসনাযোগ্য বুলি ধাৰণা কৰে।
التصنيفات
তাওহীদুল উলুহিয়্যাহ