إعدادات العرض
এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা,…
এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত তেওঁ কৈছেঃ মই শুনিছোঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ এজন মুছলিমৰ ওপৰত আন এজন মুছলিমৰ আছে পাঁচটা অধিকাৰ: ছালামৰ উত্তৰ দিয়া, বেমাৰীক শুশ্ৰূষা কৰা, জানাযাৰ অনুসৰণ কৰা, নিমন্ত্ৰণ গ্ৰহণ কৰা আৰু হাঁচি দিয়া ব্যক্তিৰ উত্তৰ দিয়া।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Français ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands සිංහල தமிழ் دری Български Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda тоҷикӣ O‘zbek Akan नेपाली Moore Azərbaycan Wolof Oromoo Soomaali Українська ភាសាខ្មែរ bm rn ქართული Македонски Српски Ελληνικά አማርኛ Malagasyالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত এজন মুছলিমৰ ওপৰত থকা আন এজন মুছলিমৰ কিছুমান অধিকাৰৰ বিষয়ে উল্লেখ কৰিছে। তাৰে প্ৰথম অধিকাৰটো ছালাম দিয়া ব্যক্তিৰ ছালামৰ উত্তৰ দিয়া। দ্বিতীয় অধিকাৰটো হৈছে, বেমাৰীক শুশ্ৰূষা কৰা আৰু সাক্ষাৎ কৰা। তৃতীয় অধিকাৰটো হৈছে, ঘৰৰ পৰা জানাজা পঢ়াৰ স্থানলৈকে অনুসৰণ কৰা আৰু জানাজা পঢ়াৰ পিছত কবৰস্থানলৈকে যোৱা আৰু দাফন কাৰ্যত চামিল হোৱা। চতুৰ্থ অধিকাৰটো হৈছে, যদি কোনোবাই অলীমা আদিৰ নিমন্ত্ৰণ কৰে তেন্তে সেই নিমন্ত্ৰণ গ্ৰহণ কৰা। পঞ্চম অধিকাৰটো হৈছে, হাঁচি কৰা ব্যক্তিয়ে যদি আলহাম্দুলিল্লাহ কয় তেন্তে তাৰ উত্তৰত ক'ব য়াৰহামুকাল্লাহ। ইয়াৰ পিছত হাঁচিকাৰীয়ে আকৌ ক'ব, য়াহদিকুমুল্লাহু ৱা ইউচলিহু বা-লাকুম।فوائد الحديث
মুছলিমসকলৰ মাজত মুহাব্বত আৰু ভাতৃত্ববোধৰ বন্ধন মজবুত কৰাৰ ক্ষেত্রত ইছলামৰ মহানুভৱতা।