إعدادات العرض
যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ…
যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Kurdî Hausa Português മലയാളം తెలుగు Kiswahili தமிழ் မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands ئۇيغۇرچە සිංහල دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски тоҷикӣ O‘zbek Moore नेपाली Oromoo Wolof Soomaali Български Українська Azərbaycan bm ქართული Македонски Ελληνικά Akan ភាសាខ្មែរ አማርኛ Malagasyالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ৰমাজান মাহৰ শেষ দহ দিনত হ'বলগীয়া লাইলাতুল কদৰৰ গুৰুত্ব উল্লেখ কৰিছে যে, যিয়ে ইয়াৰ প্ৰতি ঈমান পোষণ কৰি আৰু ইয়াৰ ফজিলতক বিশ্বাস কৰি এই ৰাতিত নামাজ পঢ়িব, দুআ কৰিব আৰু কোৰআন তিলাৱত কৰিব, লগতে জিকৰ-আজকাৰ কৰিব আৰু আল্লাহৰ ওচৰত ইয়াৰ ছোৱাব কামনা কৰিব, যদি এইবোৰ তেওঁ নাম অৰ্জন কৰিবলৈ অথবা লোকক দেখুৱাবলৈ নকৰে তেন্তে তেওঁৰ পূৰ্বৱৰ্তী সকলো গুনাহ ক্ষমা কৰি দিয়া হ'ব।فوائد الحديث
হাদীছটোত কদৰৰ ৰাতিৰ ফজিলত বৰ্ণিত হৈছে আৰু সেই ৰাতি কিয়াম কৰাৰ (অৰ্থাৎ চালাত আদায় কৰাৰ) প্রতি উৎসাহ দিয়া হৈছে।
সঠিক নিয়্যত অবিহনে নেক আমল গ্ৰহণযোগ্য নহয়।
এইটো আল্লাহৰ অনুগ্ৰহ আৰু দয়া যে, যি ব্যক্তিয়ে ঈমানৰ সৈতে ছোৱাবৰ আশাত লাইলাতুল কদৰত কিয়াম (অৰ্থাৎ চালাত আদায়) কৰিব, সেই ব্যক্তিৰ অতীতৰ গুনাহসমূহ মাফ কৰি দিয়া হয়।