إعدادات العرض
আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে।
আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে।
মুআৱিয়া ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে যাৰ মঙ্গল বিচাৰে, তাক তেওঁ দ্বীনৰ জ্ঞান (ইল্ম) দান কৰে। মই কেৱল বিতৰণকাৰীহে মাত্ৰ, আল্লাহেই(জ্ঞান) দাতা। কিয়ামত পৰ্যন্ত এই উম্মত সদায় আল্লাহৰ হুকুমৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, বিৰোধকাৰীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ ไทย Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands සිංහල தமிழ் دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda नेपाली Српски Soomaali Moore Українська Български Wolof Azərbaycan ქართული тоҷикӣ bm Oromoo Македонски አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত জনাইছে যে, আল্লাহে যাৰ মঙ্গল বিচাৰে, তেওঁ তাক দ্বীন বুজিবলৈ তাওফীক দান কৰে। আনহাতে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ পৰা লাভ কৰা ইল্ম বণ্টনকাৰী। কাৰণ প্ৰকৃত দানকাৰী হৈছে মহান আল্লাহ। ইয়াৰ বাহিৰে সকলোবোৰ হৈছে এক প্ৰকাৰ মাধ্যমহে, আল্লাহৰ অনুমতি অবিহনে একো উপকাৰ কৰিব নোৱাৰে। লগতে হাদীছটোত তেখেতে এই কথা স্পষ্ট কৰিছে যে, এই উম্মত কিয়ামত পৰ্যন্ত আল্লাহৰ নিৰ্দেশৰ ওপৰত প্ৰতিষ্ঠিত থাকিব, তেওঁলোকৰ বিৰোধীসকলৰ বিৰোধিতাই তেওঁলোকক কোনো ক্ষতি কৰিব নোৱাৰিব।فوائد الحديث
হাদীছটোত দ্বীনি জ্ঞানৰ গুৰুত্ব তথা ফজিলত বৰ্ণিত হৈছে আৰু দ্বীনি জ্ঞান অৰ্জন কৰিবলৈ উৎসাহিত কৰা হৈছে।
সত্যৰ ওপৰত প্ৰতিষ্ঠিত থাকিবলৈ এই উম্মতৰ অংশ হোৱাটো বাঞ্চনীয়, এতেকে যদি কোনো ফিৰ্কাই সত্যৰ পৰা আঁতৰি যায় তেন্তে বেলেগ কোনো ফিৰ্কাই সত্যক আঁকোৱালি লব।
গভীৰ দ্বীনি জ্ঞান অৰ্জনে প্ৰমাণ কৰে যে, আল্লাহে সেই বান্দাৰ মঙ্গল কামনা কৰে।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ ইচ্ছা আৰু নিৰ্দেশ মৰ্মে চৰীয়তৰ জ্ঞান দান কৰিছিল, তেওঁ মনে সজা একো কোৱা নাছিল।
التصنيفات
জ্ঞান অৰ্জনৰ গুৰুত্ব