إعدادات العرض
তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক?
তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক?
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ তোমালোকৰ কোনোবাই এইটো বিচৰানে যে, সি নিজ ঘৰলৈ উভতি গৈ ঘৰত তিনিটা ডাঙৰ ডাঙৰ গৰ্ভৱতী উট দেখিবলৈ পাওক? আমি ক'লোঁঃ হয় (নিশ্চয় বিচাৰোঁ)। তেখেতে ক'লেঃ শুনা! নামাজত তিনিটা আয়াত তিলাৱত কৰাটো হৈছে তিনিটা ডাঙৰ ডাঙৰ শকত গৰ্ভৱতী উট পোৱাতকৈও উত্তম।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Kurdî Moore Soomaali Wolof Français Tagalog Українська Azərbaycan தமிழ் bm Deutsch ქართული Português Македонски Magyar Русский 中文 فارسی ភាសាខ្មែរ አማርኛ Malagasy Oromooالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, নামাজত তিনিটা আয়াত তিলাৱত কৰাৰ ছোৱাব হৈছে, কোনোবাই নিজৰ ঘৰত তিনিটা ডাঙৰ ডাঙৰ শকত উট পোৱাতকৈও উত্তম।فوائد الحديث
নামাজত কোৰআন তিলাৱত কৰাৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে।
নেক আমল হৈছে পাৰ্থিৱ জীৱনৰ ধ্বংসশীল সামগ্ৰীতকৈ শ্ৰেষ্ঠ তথা চিৰস্থায়ী নিয়ামত।
এই ফজিলতটো কেৱল তিনিটা আয়াতৰ সৈতেই সীমাবদ্ধ নহয়, বৰং মুছল্লিয়ে যিমান আয়াত তিলাৱত কৰিব সেই অনুপাতেই তাৰ ছোৱাব বৃদ্ধি পাব।
التصنيفات
আল-কোৰআনুল কাৰীমৰ গুৰুত্ব