إعدادات العرض
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত…
কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
আব্দুল্লাহ ইবনু আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ কোৰআন কণ্ঠস্থ ৰখা ব্যক্তিক কোৱা হ'ব, পঢ়া আৰু আৰোহণ কৰা, সেইদৰে ধীৰস্থিৰে তিলাৱত কৰা, যিদৰে তুমি পৃথিৱীত তিলাৱত কৰিছিলা। য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা সেইটোৱে হ'ব তোমাৰ ঠিকনা।
[হাছান] [(আবু দাঊদ, তিৰমিজী, নাছায়ী ফিল কুবৰা, আহমদ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili ไทย پښتو Shqip دری Ελληνικά Български Fulfulde Italiano ಕನ್ನಡ Кыргызча Lietuvių Malagasy Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Kurdî Wolof Moore Soomaali Français Oromoo Tagalog Українська Azərbaycan தமிழ் Deutsch bm ქართული Português Македонски Magyar Lingala Русский 中文 فارسیالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে হাদীছটোত উল্লেখ কৰিছে যে, যিয়ে কোৰআন মতে আমল কৰিছিল, কোৰআন কণ্ঠস্থ কৰিছিল আৰু দিনে নিশাই তিলাৱত কৰিছিল, সেই ব্যক্তি যেতিয়া জান্নাতত প্ৰৱেশ কৰিব তেতিয়া তাক কোৱা হ'বঃ কোৰআন তিলাৱত কৰা আৰু সেই অনুপাতে জান্নাতত ওপৰলৈ আৰোহণ কৰা, সেইদৰেই ধীৰস্থিৰে সুমধুৰ কণ্ঠত তিলাৱত কৰা যিদৰে পৃথিৱীত কৰিছিলা। জানি থোৱা, তোমাৰ ঠিকনা সেইটোৱে হ'ব, য'ত তুমি শেষ আয়াত তিলাৱত কৰিবা।فوائد الحديث
আমলৰ পৰিমাণ আৰু ধৰণ অনুপাতেই প্ৰতিদান দিয়া হ'ব।
কোৰআন তিলাৱত কৰা, কণ্ঠস্থ কৰা, হিফজ কৰা, গৱেষণা কৰা আৰু সেইমতে আমল কৰিবলৈ উৎসাহিত কৰা হৈছে।
জান্নাতত অসংখ্য শ্ৰেণী তথা ধাপ আছে। কোৰআনৰ অধিকাৰীসকলে তাৰে উচ্চ শ্ৰেণী লাভ কৰিব।