إعدادات العرض
(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।
(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "(ৰহমতৰ) ফিৰিস্তাহ সেই ভ্ৰমণকাৰী দলৰ সৈতে নাথাকে যিসকলৰ লগত কুকুৰ আৰু ঘণ্টা থাকে।"
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Hausa Kurdî Português සිංහල Svenska ગુજરાતી Yorùbá Tiếng Việt Kiswahili پښتو دری Кыргызча or Čeština नेपाली Oromoo Română Nederlands Soomaali తెలుగు ไทย Српски മലയാളം Kinyarwanda ಕನ್ನಡ Lietuvių Wolof Magyar ქართული Moore Українська Македонски Azərbaycan አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, ৰহমতৰ ফিৰিস্তা সেইসকল ভ্ৰমণকাৰী লোকৰ সৈতে নাথাকে যিসকলে ভ্ৰমণকালত নিজৰ সৈতে কুকুৰ আৰু ঘণ্টা লৈ যায়। ঘণ্টা সিহঁতে সিহঁতৰ লগত থকা জন্তুবোৰৰ ডিঙিত ওলমাই দিয়ে যাতে খোঁজকাঢ়িলে শব্দ কৰে।فوائد الحديث
কুকুৰ ৰাখিবলৈ তথা পালিবলৈ নিষেধ কৰা হৈছে। আনহাতে চিকাৰ কৰাৰ বাবে বা পহৰাৰ বাবে কুকুৰ ৰখাত কোনো বাধা নাই।
এই সময়ত কেৱল ৰহমতৰ ফিৰিস্তাহে লগত নাথাকে। আনহাতে সংৰক্ষণকাৰী ফিৰিস্তাসকলে কেতিয়াও বান্দাৰ লগ নেৰে, স্ব-স্থানতে হওক বা ভ্ৰমণ অৱস্থাতে হওক।
ঘণ্টা নিষেধ কৰাৰ কাৰণ হৈছে, ঘণ্টা হৈছে চয়তানৰ এটা বাধ্যযন্ত্ৰ। লগতে ইয়াৰ সৈতে খ্ৰীষ্টানসকলৰ ঘণ্টাৰ সাদৃশ্য আছে।
প্ৰতিজন মুছলিমে এনেকুৱা সকলো কামৰ পৰা নিজকে আঁতৰাই ৰখা উচিত যিটো কৰিলে ফিৰিস্তাসকল আঁতৰি যায়।
التصنيفات
ফিৰিস্তা