إعدادات العرض
যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ…
যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
ছাহল ইবনে হুনাইফৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যিয়ে আন্তৰিকতাৰে সত্য মনে শ্বহীদ হোৱাটো কামনা কৰিব, আল্লাহে তেওঁক নিশ্চয় শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी Hausa Kurdî Kiswahili Português සිංහල ગુજરાતી Tiếng Việt Nederlands پښتو नेपाली Svenska മലയാളം Кыргызча Română తెలుగు ಕನ್ನಡ Српски ქართული Moore Kinyarwanda Magyar Македонски Čeština Українська Wolof Lietuvių Azərbaycan Malagasy Oromoo ไทย मराठी ਪੰਜਾਬੀ Deutsch دری አማርኛ ភាសាខ្មែរ Shqip தமிழ்الشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে যে, যিয়ে আল্লাহৰ ওচৰত শ্বাহাদত কামনা কৰিব তথা আল্লাহৰ পথত নিহত হোৱাটো কামনা কৰিব, যদি তাৰ নিয়্যত নির্ভেজাল থাকে, তেন্তে আল্লাহে তেওঁক শ্বহীদৰ মৰ্যাদা দান কৰিব, যদিও তেওঁ যুদ্ধ নকৰাকৈ নিজৰ বিছনাত মৃত্যুবৰণ কৰে।فوائد الحديث
সামৰ্থ অনুযায়ী প্ৰচেষ্টাৰ সৈতে নির্ভেজাল নিয়্যত থাকিলে উদ্দেশ্যিত ছোৱাব লাভ কৰিব পাৰি। যদিও সেই আমলটো প্ৰত্যক্ষভাৱে আদায় নহয়।
সৰ্বশক্তিমান আল্লাহৰ পথত যুদ্ধ কৰিবলৈ আৰু শ্বহীদৰ মৃত্যু কামনা কৰিবলৈ উৎসাহিত কৰা হৈছে।
আল্লাহে এই উম্মতক সন্মান দান কৰিছে। তেওঁ এই উম্মতৰ লোকসকলক অতি সৰু আমলৰ বিনিময়ত জান্নাতত উচ্চ মৰ্যাদা দান কৰিব।
