إعدادات العرض
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে
আব্দুল্লাহ ইবনু আমৰ ইবনিল আচ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছে মই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক কোৱা শুনিছোঁ তেখেতে কৈছেঃ আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টি কৰাৰ পঞ্চাচ হাজাৰ বছৰ আগতেই সকলো সৃষ্টিৰ ভাগ্য লিখিছে। তেখেতে কৈছেঃ তেতিয়া আল্লাহৰ আৰচ আছিল পানীৰ ওপৰত।
[ছহীহ] [(মুছলিম)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe Bosanski සිංහල हिन्दी Tiếng Việt Kurdî Hausa മലയാളം తెలుగు Kiswahili ไทย پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Oromoo Wolof Soomaali Tagalog Français Azərbaycan Українська bm தமிழ் Deutsch ქართული Português Македонски فارسی Magyar Русский 中文 km አማርኛالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই সংবাদ দিছে যে, আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পঞ্চাচ হাজাৰ বছৰ আগতেই আল্লাহে সকলো সৃষ্টিৰ ভাগ্য বিতংভাৱে লিপিবদ্ধ কৰিছে লাওহে মাহফুজত, যেনে- সিহঁতৰ জীৱন, মৰণ, জীৱিকা আদি। মহান আল্লাহে যিটো ফয়চালা কৰিছে সেইমতেই সংঘটিত হৈ আছে। এতেকে সংঘটিত হ'বলগীয়া প্ৰতিটো বস্তুৱেই আল্লাহৰ সিদ্ধান্ত অনুযায়ী আৰু তেওঁৰ নিৰ্ধাৰণ অনুপাতে হয়। এতেকে বান্দাই যিটো লাভ কৰিছে সেইটো সি নোপোৱাৰ কোনো প্ৰশ্নই নুঠে, আৰু যিটো সি পোৱা নাই সেইটো সি নাপাবলগীয়াই আছিল।فوائد الحديث
তাক্বদীৰ তথা ভাগ্যৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য।
কদৰ কোৱা হয়ঃ আল্লাহে তেওঁৰ সৃষ্টিৰ সকলো বিষয় সম্পৰ্কে অৱগত, তথা সিহঁতৰ ইচ্ছা অনিচ্ছা আদি সকলো তথ্য তেওঁ লিপিবদ্ধ কৰি ৰাখিছে।
এই কথাৰ প্ৰতি ঈমান পোষণ কৰা যে, আল্লাহে আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বেই ভাগ্য লিপিবদ্ধ কৰিছে। এই ঈমানে সন্তুষ্টি আৰু আত্মসমৰ্পন কৰিবলৈ শিকায়।
আকাশমণ্ডল আৰু পৃথিৱী সৃষ্টিৰ পূৰ্বে ৰহমানৰ আৰচ পানীৰ ওপৰত আছিল।
التصنيفات
ভাগ্যৰ পৰ্যায়সমূহ