إعدادات العرض
তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব।
ঝুবাইৰ ইবনুল আওৱামে কৈছেঃ যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ}তাৰ পিছত সেইদিনা নিশ্চয় তোমালোকক নিয়ামত সম্পৰ্কে প্ৰশ্ন কৰা হ’ব। ঝুবাইৰে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনটো নিয়ামত সম্পৰ্কে সোধপোচ কৰা হ'ব? (আমাৰ ওচৰত দেখোন) কেৱল দুইধৰণৰ ক'লা বস্তুহে আছে, খেজুৰ আৰু পানী। তেখেতে ক'লেঃ সেয়া অচিৰেই অৰ্জন হ'ব।
[হাছান] [(তিৰমিজী, ইবনে মাজাহ)]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Bahasa Indonesia ئۇيغۇرچە বাংলা Türkçe සිංහල हिन्दी Tiếng Việt Hausa తెలుగు Kiswahili پښتو دری Кыргызча Lietuvių Kinyarwanda नेपाली മലയാളം Bosanski ಕನ್ನಡ Kurdî Română Shqip Soomaali Српски Українська Wolof Tagalog Moore தமிழ் Azərbaycan فارسی ქართული 中文 Magyar Português Deutsch Македонски Русский bm Malagasy Oromoo ភាសាខ្មែរالشرح
যেতিয়া এই আয়াত অৱতীৰ্ণ হ'লঃ {ثُمَّ لَتُسْأَلُنَّ يَوْمَئِذٍ عَنِ النَّعِيمِ} অৰ্থাৎ অতিশীঘ্ৰেই জবাবদিহি কৰা হ'ব যে, আল্লাহে তোমালোকক যিবোৰ নিয়ামত প্ৰদান কৰিছিল সেইবোৰ পোৱাৰ পিছত তোমালোকে আল্লাহৰ কৃতজ্ঞতা প্ৰকাশ কৰিছিলা নে নাই। এই আয়াত শুনি ঝুবাইৰ ইবনুল আওৱাম ৰাদ্বিয়াল্লাহু আনহুৱে ক'লেঃ হে আল্লাহৰ ৰাছুল! আমাক কোনবোৰ নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব? আমাৰ ওচৰত দেখোন এই দুইবিধ খাদ্য খেজুৰ আৰু পানীৰ বাহিৰে আন একো নাই। তেতিয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ তোমালোকে যিটো অৱস্থাত আছা, এই অৱস্থাত পোৱা নিয়ামত সম্পৰ্কেও জবাবদিহি কৰা হ'ব। কাৰণ এই দুটা নিয়ামতো আল্লাহৰ ডাঙৰ নিয়ামত।فوائد الحديث
নিয়ামত লাভ কৰি আল্লাহৰ চুকৰিয়া আদায় কৰিবলৈ গুৰুত্ব দিয়া হৈছে।
কিয়ামতৰ দিনা বান্দাক নিয়ামত সম্পৰ্কে জবাবদিহি কৰা হ'ব, নিয়ামত কম হওক বা বেছি।