إعدادات العرض
পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা…
পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।
উম্মে আতিয়্য়াহ ৰাদ্বিয়াল্লাহু আনহাৰ পৰা বৰ্ণিত, তেওঁ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাতত বাইআত কৰিছিল, তেওঁ কৈছেঃ "পৱিত্ৰতা অৰ্জনৰ পিছত (লজ্জাস্থানৰ পৰা ওলোৱা) মাটিয়া বৰণৰ আৰু হালধীয়া বৰণৰ পানীক আমি একো (হায়েজ হিচাপে) গণ্য কৰা নাছিলোঁ।"
[ছহীহ] [(আবু দাঊদে এই শব্দৰে বৰ্ণনা কৰিছে, আৰু বুখাৰীয়ে (بعد الطهر)টো অতিৰিক্ত বৰ্ণনা কৰা নাই)]
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Hausa Kurdî Português සිංහල Svenska ગુજરાતી አማርኛ Yorùbá Tiếng Việt Kiswahili پښتو دری Malagasy or Čeština नेपाली Oromoo Română Nederlands Soomaali Кыргызча తెలుగు ไทย Српски മലയാളം Kinyarwanda ಕನ್ನಡ Lietuvių Wolof Magyar ქართული Moore Українськаالشرح
চাহাবীয়া উম্মে আতিয়্যাহ ৰাদ্বিয়াল্লাহু আনাহাই জনাইছে যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নাৰীসকলে হায়েজৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ পিছত লজ্জাস্থানৰ পৰা ওলোৱা মাটিয়া তথা হালধীয়া বৰণৰ পানীক হায়েজ হিচাপে গণ্য কৰা নাছিল। এই পানীৰ ফলত তেওঁলোকে নামাজ ৰোজা ত্যাগ কৰা নাছিল।فوائد الحديث
হায়েজৰ পৰা পৱিত্ৰ হোৱাৰ পিছত নাৰীৰ লজ্জাস্থানৰ পৰা ওলোৱা তেজৰ নিচিনা মাটিয়া বা হালধীয়া বৰণৰ পানীক হায়েজ হিচাপে গণ্য কৰা নহ'ব।
কিন্তু হায়েজ চলাকালীন অৱস্থাত মাটিয়া বা হালধীয়া পানীকো হায়েজ হিচাপে গণ্য কৰা হয়। যদিও সেইসময়ত এইটোৱে হৈছে তেজ, পানীৰ লগত মিহলি থকাৰ কাৰণে তেনেকুৱা দেখায়।
হায়েজৰ পৰা পৱিত্ৰতা অৰ্জন কৰাৰ পিছত (অৰ্থাৎ হায়েজ শেষ হোৱাৰ পিছত) মাটিয়া বা হালধীয়া বৰণৰ পানী ওলালে ইয়াৰ ফলত নাৰীসকলে নামাজ ৰোজা ত্যাগ নকৰিব বৰং সময়মতে অজু কৰি নামাজ পঢ়িব।
التصنيفات
হায়েজ, নিফাছ আৰু ইস্তিহাজাহ