إعدادات العرض
তুমি খং নকৰিবা।
তুমি খং নকৰিবা।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত এজন ব্যক্তিয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক ক’লে, মোক উপদেশ দিয়ক। তেখেতে ক’লে, "তুমি খং নকৰিবা।" ব্যক্তিজনে কেইবাবাৰো একেই প্রশ্ন কৰিলে। তেখেতও প্রত্যেকবাৰেই এই কথাকেই ক’লে যে, তুমি খং নকৰিবা।
[ছহীহ] [(বুখাৰী)]
الترجمة
العربية বাংলা Bosanski English Español Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili فارسی မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands සිංහල தமிழ் ไทย دری Fulfulde Magyar Italiano ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Malagasy тоҷикӣ Oromoo Wolof Soomaali Български Українська Azərbaycan ქართული bm Македонскиالشرح
কোনো এজন চাহাবীয়ে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আহি উপদেশ বিচাৰিলে। তেখেতে তেওঁক নিৰ্দেশ দিলে যে, তুমি খং নকৰিবা। অৰ্থাৎ তুমি এনেকুৱা বিষয়ৰ পৰা আঁতৰি থাকিবা যিবোৰে তোমাক খং কৰিবলৈ বাধ্য কৰায়, লগতে কেতিয়াবা খং উঠিলেও তাক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিবা। খঙৰ বশৱৰ্তী হৈ যাতে হত্যা, মাৰপিট নাইবা গালি শপনি আদি নকৰা। ব্যক্তিজনে বাৰে বাৰে উপদেশ বিচাৰি আছিল, তেখেতে তেওঁক ইয়াৰ বাহিৰে বেলেগ আন কোনো উপদেশ দিয়া নাছিল যে, তুমি খং নকৰিবা।فوائد الحديث
ক্ৰোধৰ পৰা বিৰত থকা উচিত। কিয়নো ক্ৰোধ হৈছে সকলো অনিষ্ঠতাৰ মূল আৰু ইয়াক বৰ্জন কৰাটো হৈছে সকলো কল্যাণৰ মূল।
আল্লাহৰ উদ্দেশ্যে কাৰোবাৰ প্ৰতি খং কৰা আৰু কোনো হাৰাম কাম বা চৰীয়ত বিৰোধী কাম দেখি খং উঠা দুয়োটাই প্ৰশংসনীয়।
প্ৰয়োজনত কোনো কথা বাৰে বাৰে কোৱা বৈধ, যাতে শ্ৰৱণকাৰীয়ে মনোযোগ দিয়ে আৰু তাৰ প্ৰতি গুৰুত্ব দিয়ে।
আলিমৰ ওচৰত উপদেশ বিচৰাৰ ফজিলত।
التصنيفات
প্ৰশংসনীয় চৰিত্ৰসমূহ