إعدادات العرض
যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন…
যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ যি ব্যক্তিয়ে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন উত্তম কথা কয়, নহ’লে মৌনতা অৱলম্বন কৰে, আৰু যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ বাবে উচিত সি যেন নিজৰ প্ৰতিৱেশীক সন্মান কৰে, এইদৰে যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰে, তাৰ উচিত সি যেন তাৰ অতিথিক সন্মান কৰে।
الترجمة
العربية বাংলা Bosanski English Español فارسی Français Bahasa Indonesia Русский Tagalog Türkçe اردو 中文 हिन्दी ئۇيغۇرچە Kurdî Hausa Português മലയാളം తెలుగు Kiswahili မြန်မာ Deutsch 日本語 پښتو Tiếng Việt Shqip Svenska Čeština ગુજરાતી Yorùbá Nederlands සිංහල தமிழ் دری Fulfulde Magyar ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски O‘zbek Moore नेपाली Wolof Soomaali Български Українська Azərbaycan ქართული тоҷикӣ bm Македонски Ελληνικά ភាសាខ្មែរ አማርኛ Malagasy Oromooالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে এই হাদীছটোত উল্লেখ কৰিছে যে, আল্লাহ আৰু শেষ দিৱসৰ প্ৰতি ঈমান পোষণকাৰী মুমিন বান্দা, যিয়ে বিশ্বাস কৰে যে, তাৰ প্ৰত্যাৱৰ্তন আল্লাহৰ ওচৰত হোৱাটো নিশ্চিত আৰু তেৱেঁই তাৰ সকলো কৰ্মৰ প্ৰতিদান দিব, তাৰ এই ঈমানে তাক নিম্নলিখিত কামবোৰ কৰিবলৈ উৎসাহিত কৰে: প্ৰথমঃ উত্তম কথা কোৱা, যেনে- তাছবীহ তাহলীল পাঠ কৰা, সৎকৰ্মৰ আদেশ দিয়া আৰু অসৎকৰ্মৰ পৰা মানুহক বিৰত ৰখা, মানুহৰ মাজত সংস্কাৰমূলক কাম কৰা। যদি সি এইবোৰ কৰিব নোৱাৰে তেন্তে সি মৌনতা অৱলম্বন কৰা উচিত, লগতে চেষ্টা কৰা উচিত তাৰ দ্বাৰা যেন আনৰ ক্ষতি নহয়, লগতে সি নিজৰ জিভাৰ হিফাজত কৰা উচিত। দ্বিতীয়ঃ প্ৰতিৱেশীক সন্মান কৰা। অৰ্থাৎ সিহঁতৰ সৈতে সদ্ব্যৱহাৰ কৰা আৰু সিহঁতক কোনো ধৰণৰ কষ্ট নিদিয়া। তৃতীয়ঃ সাক্ষাতৰ বাবে অহা অতিথিসকলক সন্মান কৰা, উত্তম কথা কোৱা আৰু আহাৰ কৰোৱা ইত্যাদিৰ মাধ্যমত।فوائد الحديث
আল্লাহৰ প্ৰতি আৰু শেষ দিৱসৰ প্ৰতি ঈমানেই হৈছে সকলো কল্যাণৰ মূল। ই মানুহক ভাল কাম কৰিবলৈ উৎসাহিত কৰে।
জিভাৰ দ্বাৰা হোৱা ভুল-ত্ৰুটিৰ পৰা সতৰ্ক কৰা হৈছে।
ইছলাম ধৰ্ম হৈছে মুহাব্বত আৰু সন্মানৰ ধৰ্ম।
উক্ত বৈশিষ্ট্যসমূহ ঈমানৰ শাখা-প্ৰশাখা আৰু প্ৰশংসনীয় শিষ্টাচাৰৰ অন্তৰ্ভুক্ত।
অলাগতীয়াল তথা অধিক কথা কোৱা প্ৰৱণতাই বেছিভাগ ক্ষেত্ৰতে অপছন্দনীয় তথা হাৰাম কৰ্মৰ প্ৰতি ধাৱিত কৰে। সেয়ে কল্যাণকৰ কথাৰ বাহিৰে মৌন হৈ থকাটোৱে নিৰাপদ।