إعدادات العرض
মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম
মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম
আব্দুল্লাহ বিন আমৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ মোৰ হাউজৰ দৈৰ্ঘ্য এমাহ সময় অতিক্ৰমৰ সমান। ইয়াৰ পানী গাখীৰতকৈও বগা, আৰু ইয়াৰ সুগন্ধি মুশ্বকতকৈও উত্তম, লগতে ইয়াত থকা পান পাত্ৰবোৰ হ'ব আকাশৰ তৰাৰ নিচিনা। যিয়ে ইয়াৰ পৰা এবাৰ সেৱন কৰিব তেওঁ দ্বিতীয়বাৰ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।
[ছহীহ] [(মুত্তাফাক আলাইহ {বুখাৰী মুছলিম})]
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Kurdî Wolof Soomaali Français Azərbaycan Tagalog Українська Bambara தமிழ் Deutsch ქართული Português Македонски Magyar فارسی Русский 中文 ភាសាខ្មែរ አማርኛ Malagasy Oromoo ไทย मराठी ਪੰਜਾਬੀ Türkçe Lingala Italianoالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে জনাইছে যে, কিয়ামতৰ দিনা তেখেতক হাউজ প্ৰদান কৰা হ'ব। যাৰ দৈৰ্ঘ্য আৰু প্ৰশস্ত হ'ব এমাহ পথ অতিক্ৰম কৰাৰ সমান। সেই হাউজৰ পানী গাখীৰতকৈও বগা হ'ব। আৰু সেই পানীৰ সুগন্ধি মিচকতকৈও উত্তম হ'ব। আৰু তাত আকাশৰ তৰা সদৃশ পান পাত্ৰ থাকিব। সেইবোৰ পানপাত্ৰৰ জৰিয়তে যিয়ে সেই হাউজৰ পৰা এবাৰ পানী খাব, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।فوائد الحديث
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ হাউজত বৃহৎ আকাৰত পানী ভৰ্তি থাকিব, কিয়ামতৰ দিনা তেখেতৰ উম্মতৰ মুমিনসকল তাতগৈ উপস্থিত হ'ব।
যিয়ে সেই হাউজৰ পৰা পানী খোৱাৰ সৌভাগ্য লাভ কৰিব, সেই ব্যক্তিয়ে এনেকুৱা নিয়ামত লাভ কৰিব যে, তেওঁ কেতিয়াও তৃষ্ণাৰ্ত নহ'ব।
التصنيفات
শেষ দিৱসৰ প্ৰতি ঈমান