إعدادات العرض
সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা…
সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।
আবু হুৰাইৰাহ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ "সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক, সেই ব্যক্তিৰ নাক ধূলিৰে মলিন হওক।" প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! কাৰ নাক? তেখেতে ক'লেঃ "যিয়ে নিজৰ পিতৃ-মাতৃক বৃদ্ধাৱস্থাত পালে, উভয়ৰ মাজৰ যিকোনো এজনক অথবা উভয়কে, তথাপিও (তেওঁলোকৰ সেৱা যত্ন কৰি) জান্নাত অৰ্জন কৰিব নোৱাৰিলে।"
[ছহীহ] [(মুছলিম)]
الترجمة
ar bn bs en es fa fr id ru tl tr ur zh hi vi si ha ku sw pt ta prs sv yo ky gu ne ro ml nl te ps so rw kn sr mos ka cs hu uk mk lt az wo mgالشرح
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অপমান অপদস্থ কৰাৰ বদ্দুআ কৰিছে, যেনিবা তেখেতে তাৰ নাক মাটিত চোঁচৰাই নিবলৈ বদ্দুআ কৰিছে, তেখেতে তিনিবাৰকৈ বদ্দুআ কৰিছে। তেখেতক প্ৰশ্ন কৰা হ'লঃ হে আল্লাহৰ ৰাছুল! আপুনি কাৰ প্ৰতি এনেকৈ বদ্দুআ কৰি আছে? তেতিয়া তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামে ক'লেঃ সেই ব্যক্তিৰ প্ৰতি যিয়ে নিজৰ পিতৃ-মাতৃ উভয়কে বা তেওঁলোকৰ কোনোবা এজনক বৃদ্ধাৱস্থাত পায়, তথাপিও সি তেওঁৰ সেৱাযত্ন কৰি জান্নাত অৰ্জন কৰিব নোৱাৰে। কাৰণ সি পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ নকৰে, বৰং তেওঁলোকৰ অবাধ্যতা কৰে।فوائد الحديث
পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰ কৰাটো বাধ্যতামূলক, আৰু এইটো হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়। বিশেষকৈ বৃদ্ধাৱস্থাত, যেতিয়া তেওঁলোক দুৰ্বল হৈ পৰে।
পিতৃ-মাতৃৰ অবাধ্যতা কৰাটো হৈছে মহাপাপ।
التصنيفات
পিতৃ-মাতৃৰ সৈতে সদ্ব্যৱহাৰৰ গুৰুত্ব