إعدادات العرض
বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন…
বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বৰ্ণিত, তেওঁ কৈছেঃ মই এদিনাখন নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ পিছফালে গাধৰ পিঠিত বহি আছিলোঁ, যাৰ নাম আছিল উফাইৰ। তেনেতে তেখেতে ক'লেঃ "হে মুআজ! তুমি জানানে বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য কি, আৰু আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য কি?" মই ক'লোঁঃ আল্লাহ আৰু তেওঁৰ ৰাছুলেহে ভালদৰে জানে। তেতিয়া তেখেতে ক'লেঃ " বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।" এই শুনি মই ক'লোঁঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁ নেকি? তেখেতে ক'লেঃ "সিহঁতক এই সুসংবাদ নিদিবা, কাৰণ সিহঁতে ইয়াৰ ওপৰতে ভৰসা কৰি বহি থাকিব"।
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી አማርኛ Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Bosanski සිංහල हिन्दी Tiếng Việt Kurdî Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Wolof Soomaali Tagalog Français Azərbaycan Українська Português bm தமிழ் ქართული Deutsch Македонски فارسی Magyar Русский 中文 ភាសាខ្មែរ Malagasy Oromoo ไทยالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে বান্দাৰ ওপৰত থকা আল্লাহৰ হক আৰু আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কে স্পষ্টভাৱে বৰ্ণনা কৰিছে। এতেকে বান্দাৰ ওপৰত আল্লাহৰ হক হৈছে, সিহঁতে যেন একমাত্ৰ আল্লাহৰেই ইবাদত কৰে আৰু তেওঁৰ সৈতে আন কাকো যেন অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওপৰত বান্দাৰ হক হৈছে, তেওঁ যেন তাওহীদ পন্থী লোকসকলক শাস্তি প্ৰদান নকৰে, অৰ্থাৎ যিসকলে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই। ইয়াৰ পিছত মুআজে ক'লেঃ হে আল্লাহৰ ৰাছুল! এই সুসংবাদটো মই মানুহক জনাই দিওঁনে, যাতে মানুহে আনন্দিত হয় আৰু এই অনুগ্ৰহক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰে। কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক বিষয়টো জনাবলৈ নিষেধ কৰিলে, এই আশংকাত যে হয়তো মানুহে ইয়াৰ ওপৰত ভৰসা কৰি আমল কৰা পৰিত্যাগ কৰিব।فوائد الحديث
হাদীছটোত বান্দাৰ ওপৰত থকা আল্লাহৰ অত্যাৱশ্যকীয় হক সম্পৰ্কে বৰ্ণনা কৰা হৈছে, সেয়া হৈছে, সিহঁতে যেন তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে।
হাদীছটোত আল্লাহৰ ওপৰত থকা বান্দাৰ হক সম্পৰ্কেও বৰ্ণনা কৰা হৈছে, যিটোক আল্লাহে তেওঁৰ নিয়ামত আৰু অনুগ্ৰহত নিজৰ ওপৰত অনিবাৰ্য কৰি লৈছে যে, তেওঁ সিহঁতক জান্নাতত প্ৰৱেশ কৰাব আৰু সিহঁতক শাস্তি প্ৰদান নকৰিব।
হাদীছটোত সেইসকল তাওহীদপন্থী লোকক ডাঙৰ সুসংবাদ দিয়া হৈছে, যিসকলে আল্লাহৰ সৈতে আন কাকো অংশীদাৰ স্থাপন নকৰে, তেওঁলোকৰ ঠিকনা হ'ব জান্নাত।
মুআজ ৰাদ্বিয়াল্লাহু আনহুৱে এই হাদীছটো তেওঁৰ মৃত্যুৰ আগমুহূৰ্তত বৰ্ণনা কৰিছে, এই আশংকা কৰি যে, ইল্ম গোপন কৰাৰ গুনাহত যাতে তেওঁ নপৰে।
হাদীছটোৰ দ্বাৰা এইটো সতৰ্ক কৰা হৈছে যে, কিছুমান হাদীছ সাধাৰণ লোকক বৰ্ণনা কৰা উচিত নহয়, এই আশংকাত যে হয়তো সিহঁতে ইয়াৰ সঠিক অৰ্থ আহৰণ কৰিব নোৱাৰিব। কাৰণ এনেকুৱা বিষয়ৰ অধীনত কোনো আমল নাই আৰু চৰীয়তৰ ফালৰ পৰাও কোনো সীমাৰেখা নিৰ্ধাৰণ কৰা হোৱা নাই।
তাওহীদপন্থী লোকসকলৰ মাজৰ যিসকলে গুনাহ কৰিছে সিহঁতৰ বিষয়টো আল্লাহৰ ইচ্ছাৰ অধীনস্থ, তেওঁ ইচ্ছা কৰিলে সিহঁতক শাস্তি বিহিব পাৰে আৰু ইচ্ছা কৰিলে ক্ষমাও কৰিব পাৰে। তাৰ পিছত সিহঁতৰ শেষ ঠিকনা হ'ব জান্নাত।