إعدادات العرض
1- মুছলিম ব্যক্তিৰ ওপৰত যিবোৰ যাতনা, ৰোগ-ব্যাধি, উদ্বেগ-উৎকন্ঠা, দুশ্চিন্তা, কষ্ট তথা বিপদ-আপদ আপতিত হয়, আনকি শৰীৰত যি কাইট বিন্ধে, এই সকলোবোৰৰ বাবে আল্লাহে তাৰ গুনাহ ক্ষমা কৰি দিয়ে।
2- যি বান্দাই আন্তৰিকতাৰে এই সাক্ষ্য দিব যে, আল্লাহৰ বাহিৰে আন কোনো (সত্য) উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে তেওঁৰ বান্দা আৰু ৰাছুল, তাৰ বাবে আল্লাহে জাহান্নাম হাৰাম কৰি দিব।
3- বান্দাৰ ওপৰত আল্লাহৰ প্ৰাপ্য হৈছে, সিহঁতে যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰে, তেওঁৰ সৈতে যেন আন কাকো অংশীদাৰ স্থাপন নকৰে। আনহাতে আল্লাহৰ ওচৰত বান্দাৰ প্ৰাপ্য হৈছে, তেওঁ যেন সেই ব্যক্তিক শাস্তি প্ৰদান নকৰে যিয়ে তেওঁৰ সৈতে আন কাকো অংশীদাৰ স্থাপন কৰা নাই।
4- যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক নকৰাকৈ মৃত্যুবৰণ কৰিছে তেওঁ জান্নাতত প্ৰৱেশ কৰিব আৰু যিয়ে আল্লাহৰ সৈতে শ্বিৰ্ক কৰি মৃত্যুবৰণ কৰিছে, সি জাহান্নামত প্ৰৱেশ কৰিব।
5- কিয়ামতৰ দিনা আল্লাহে মোৰ উম্মতৰ এজন ব্যক্তিক গোটেই সৃষ্টিজগতৰ সন্মুখত পৃথককৈ উপস্থিত কৰিব
6- হে আল্লাহৰ ৰাছুল! মই (ইছলাম গ্ৰহণ কৰাৰ পূৰ্বে) সৰু বৰ কোনো গুনাহেই বাদ দিয়া নাই। এই কথা শুনি তেখেতে ক'লেঃ তুমি এই সাক্ষ্য দিয়া নাইনে যে, আল্লাহৰ বাহিৰে আন কোনো সত্য উপাস্য নাই আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম হৈছে আল্লাহৰ ৰাছুল?
7- আমল হৈছে ছয় প্ৰকাৰৰ আৰু মানুহ হৈছে চাৰি প্ৰকাৰৰ: দুটা খুবেই গুৰুত্বপূৰ্ণ, আৰু দুটা হৈছে কৰ্ম অনুপাতে প্ৰতিদান, কোনো নেক আমলৰ প্ৰতিদান দহগুণ পৰ্যন্ত বৃদ্ধি কৰি দিয়া হয় আৰু কোনোবাটোৰ সাতশগুণ পৰ্যন্ত বৃদ্ধি কৰা হয়।
8- আপুনি লা ইলা-হা ইল্লাল্লাহৰ স্বীকাৰোক্তি দিয়ক, ক্বিয়ামতৰ দিনা মই আপোনাৰ সপক্ষে ইয়াৰ সাক্ষী দিম