إعدادات العرض
নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ…
নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ।
আছমা বিন্তে আবি বকৰ ৰাদ্বিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত, নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ নিশ্চয় মই হাউজৰ ওচৰত থাকিম, তোমালোকৰ মাজৰ যিসকলে মোৰ ওচৰলৈ আহিব মই তেওঁলোকক দেখা পাম। কিছুমান লোকক মোৰ সন্মুখৰ পৰাই গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব। তেতিয়া মই কম, হে মোৰ প্ৰতিপালক! এওঁলোক মোৰ মানুহ, মোৰ উম্মতৰ মানুহ। তেতিয়া কোৱা হ'বঃ আপুনি জানেনে আপোনাৰ পিছত সিহঁতে কি কি কৰিছে? আল্লাহৰ শপত! ইহঁত দ্বীনৰ পৰা সদায় পশ্চাদমুখী হৈছিল।
الترجمة
العربية English မြန်မာ Svenska Čeština ગુજરાતી Yorùbá Nederlands اردو Español Bahasa Indonesia ئۇيغۇرچە বাংলা Bosanski සිංහල हिन्दी Tiếng Việt Hausa മലയാളം తెలుగు Kiswahili پښتو Shqip دری Ελληνικά Български Fulfulde ಕನ್ನಡ Кыргызча Lietuvių or Română Kinyarwanda Српски тоҷикӣ O‘zbek नेपाली Moore Kurdî Wolof Soomaali Français Azərbaycan Tagalog Українська தமிழ் Bambara Deutsch ქართული Português Македонски Magyar فارسی Русский 中文 ភាសាខ្មែរ Malagasy Oromoo ไทย मराठी ਪੰਜਾਬੀ Türkçe Lingala Italiano አማርኛالشرح
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে উল্লেখ কৰিছে যে, কিয়ামতৰ দিনা তেখেত হাউজৰ ওচৰতে উপস্থিত থাকিব, যাতে তেখেতে নিজ চকুৰে চাব পাৰে যে, তেখেতৰ উম্মতৰ কোন কোন ব্যক্তিয়ে হাউজৰ ফালে আহিব পাৰে। তেখেতৰ ওচৰৰ পৰাই কিছুমান লোকক গ্ৰেপ্তাৰ কৰি লৈ যোৱা হ'ব, তেতিয়া তেখেতে ক'বঃ হে মোৰ প্ৰতিপালক! এওঁলোক মোৰেই মানুহ, মোৰ উম্মতৰ মানুহ। তেতিয়া উত্তৰত তেখেতক কোৱা হ'বঃ আপুনি ইহঁতক এৰি থৈ অহাৰ পিছত ইহঁতে কি কৰিছিল সেইটো আপুনি জানেনে? আল্লাহৰ শপত! ইহঁত ধাৰাবাহিকভাৱে পশ্চাদমুখী হৈছিল আৰু দ্বীনৰ পৰা আঁতৰি গৈছিল। গতিকে ইহঁত আপোনাৰ মানুহ নহয় আৰু আপোনাৰ উম্মতৰো নহয়।فوائد الحديث
হাদীছটোৰ দ্বাৰা বুজা গ'ল যে, নবী চাল্লাল্লাহু আলাইহি অছাল্লাম তেখেতৰ উম্মতৰ লোকসকলৰ প্ৰতি কিমান দয়ালু আৰু কিমান আগ্ৰহী।
হাদীছটোত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিৰুদ্ধাচৰণৰ ভয়াৱহতাৰ প্ৰতি ইংগিত কৰা হৈছে।
লগতে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নতক মজবুতভাৱে ধাৰণ কৰাৰ প্ৰতি উৎসাহিত কৰা হৈছে।